কোৰোনাত আক্ৰান্ত ৬৩ জন কয়দী আৰু আৰক্ষী সঞ্চালক প্ৰধান…

কোৰোনাত আক্ৰান্ত ৬৩ জন কয়দী আৰু আৰক্ষী সঞ্চালক প্ৰধান…

author-image
asomiyapratidin
New Update
কোৰোনাত আক্ৰান্ত ৬৩ জন কয়দী আৰু আৰক্ষী সঞ্চালক প্ৰধান…

ডিজিটেল ডেস্কঃ চবুৰীয়া ৰাজ্য মেঘালয়ৰ আৰক্ষী সঞ্চালক প্ৰধান আৰ চন্দ্ৰনাথন আক্ৰান্ত হৈছে কোৰোনাত। জানিব পৰা মতে তেওঁৰ দেহত কোৰোনাৰ সাধাৰণ লক্ষণে দেখা দিছে। আৰক্ষী সঞ্চালকপ্ৰধান জনৰ দেহত কোৰোনাৰ লক্ষণে দেখা দিয়াত তেওঁক শ্বিলং চিভিল হস্পিতালত ভৰ্তি কৰোৱা হৈছে। ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰীয়ে আৰ চন্দ্ৰনাথনৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ বুলি জানিবলৈ দিছে।

Advertisment

ক্লিক কৰি পঢ়কঃ ভেজাল ৰ'ড প্ৰস্তুতেৰে ৰাজ্যত হাজাৰ কোটি টকা লুণ্ঠন ডেৰ শতাধিক লোৰ উৎপাদনকাৰী কোম্পানীৰ

ইফালে ৰাজ্যখনৰ ৰিভয় জিলাৰ কাৰাগাৰতো কোৰোণাই সন্ত্ৰাস চলাইছে। জানিব পৰা মতে কাৰাগাৰখনৰ ৬৩ জন কয়দীৰ দেহত ধৰা পৰিছে কোৰোনা। কোৰোনাত আক্ৰান্ত এই কয়দীসকলৰ ৯০ শতাংশৰ দেহতেই ধৰা পৰিছে লক্ষণ বিহীন কোৰোনা। জিলা প্ৰশাসনে সম্পূৰ্ণ কাৰাগাৰটো কণ্টেইণমেণ্ট জ'ন হিচাপে ঘোষণা কৰিছে।