৫ লক্ষাধিক ভক্তৰ সমাগম: মেঘালয়ৰ গাৰো পাহাৰত চৰণতলা দেৱীৰ মেলা...

দেশ বিদেশৰ ৫ লক্ষাধিক ভক্তৰ সমাগমেৰে অন্ত পৰিল মেঘালয়ৰ গাৰো পাহাৰৰ চৰণতলা দেৱীৰ মেলা। দেৱীক সন্তষ্টি কৰাৰ বাবে পূজা-অৰ্চনা, পাৰচৰাই উচৰ্গা, বলি বিধান ।
৫ লক্ষাধিক ভক্তৰ সমাগম: মেঘালয়ৰ গাৰো পাহাৰত চৰণতলা দেৱীৰ মেলা...

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰা : তিনিদিনীয়া কাৰ্যসূচীৰে উত্তৰপূৰ্বাঞ্চলৰ সৰ্ব চৰণতলা মেলাৰ বুধবাৰে সামৰণি পৰে। এইবেলি ৫৬ সংখ্যাক চৰণতলা মেলা যোৱা ১৭ এপ্ৰিল, সোমবাৰৰ পৰা আৰম্ভ হৈছিল। মেলাত দেশৰ ভিন্ন প্ৰান্তৰ ভক্ত সকলৰ লগতে বাংলাদেশ, নেপাল, ভূটানৰ আদি বহি:ৰাষ্ট্ৰৰ পৰাও ভক্তৰ সমাগম ঘটিছিল।

প্ৰায় ৫ লক্ষাধিক ভক্তৰ সমাগম হোৱা এই মেলাত মনোকামনা পূৰণৰ উদ্দেশ্যে চৰণতলা দেৱীৰ মন্দিৰত ভক্ত সকলে উপস্থিত হৈ দেৱীৰ পূজা অৰ্চনা কৰাৰ উপৰিও দেৱীৰ নামত বলি দিয়ে। আন আন বছৰৰ তুলনাত এইবাৰ বলিৰ সংখ্যা হ্ৰাস পাইছে যদিও এইবেলিও প্ৰায় দুই হেজাৰ ছাগলী আৰু মহ বলি দিয়া হয় এই মেলাত।

উল্লেখযোগ্য যে, ষাঠিৰ দশকৰ এটা সময়ত চুবুৰীয়া ৰাজ্য মেঘালয়ৰ গাৰো পাহাৰ জিলাৰ হলদিবাৰী-বাবেদপাৰাত কোচ সম্প্ৰদায়াৰ লোকৰ মাজত এক প্ৰকাৰৰ বিশেষ বেমাৰে মহামাৰীৰ সৃষ্টি কৰিছিল। বহু লোকে এই বেমাৰত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছিল। তেনে সময়ত স্থানীয় কেইজনমান জেষ্ঠ্য লোকে একে নিশাই দেৱী চৰণতলাৰ সপোন দেখে।

সপোনত দেৱী চৰণতলাই এই বাবেদপাৰাৰ পাহাৰত আশ্ৰয় দিবলৈ অনুৰোধ জনায়। দেৱী চৰণতলাক আশ্ৰয় দিলে অঞ্চলটোত বিয়পি থকা মহামাৰী নাইকীয়া হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে। দেৱী চৰণতলাৰ এনে সপোনৰ প্ৰতিশ্ৰুতিৰ বাবেই বাবেদপাৰাৰ এই পাহাৰত গাঁৱবাসীয়ে ১৯৬৫ চনত এটি মন্দিৰ নিৰ্মাণ কৰে। তেতিয়াৰ পৰাই দেৱীক সন্তষ্টি কৰাৰ বাবে এই মন্দিৰত চৰণতলা মেলাৰ আযোজন কৰি অহা হৈছে।

১৯৬৫ চনত নিৰ্মিত দেৱী চৰণতলা দেশ কালীৰ মন্দিৰত প্ৰতি বছৰৰ ব'হাগ মাহৰ কৃষ্ণ পক্ষৰ প্ৰথম মঙলবাৰৰ দিনা দেৱীৰ নামত অনুষ্ঠিত হয় এই বিশেষ পূজা। দেৱী চৰণতলাক সন্তুষ্ট কৰাৰ উদ্দেশ্যে এই মেলাত মঙলৰবাৰৰ নিশাৰ পৰা দেৱীৰ নামত ভেটি হিচাপে পাৰ চৰাই, সন্দেশ, বাতসা, কল, সোন-ৰূপ, নগদ ধন আদি উচৰ্গা কৰা হয়।

তদুপৰি ভক্ত সকলৰ মনকামনা পুৰণৰ উদ্দেশ্যে নিশা ১২ বজাৰ পৰা ছাগলী বলি বিধান আৰম্ভ হয়। বুধবাৰে পুৱা ৮ বজালৈ ছাগলী বলি দিয়াৰ অন্তত এটা মহ বলিৰে বলি বিধানৰ পৰম্পৰা সম্পন্ন কৰা হয়। প্ৰতি বছৰে ভক্ত সকলে প্ৰায় ১০ সহস্ৰাধিক ছাগলী বলিৰ বাবে মন্দিৰত লৈ আহে যদিও বলি বিধান প্ৰথাটো বন্ধ কৰাৰ বাবে কৰ্মকৰ্তা সকলে আধা সংখ্যক বলি দিয়াৰ লগতে আন আধা সংখ্যক ছাগলী মন্দিৰৰ চৌহদত এৰি দিয়ে।

মন কৰিবলগীয়া যে, মঙলবাৰে নিশা ১২ বজাত বিশেষ পূজা অনুষ্ঠিত কৰাৰ পাছত ঠাকুৰৰ নিৰ্দেশ মৰ্মে আৰম্ভ কৰা হয় বলি বিধানৰ পৰ্ব। চৰণতলা মন্দিৰৰ সম্মুখত থকা মুঠ ৬ খনকৈ কাকলাৰ কেচাৰাকী ঘাতকে এই বলি বিধান কাৰ্য চলায়। বুধবাৰে পুৱা ৮ বজালৈ বলি বিধান চলোৱা এই কাৰ্য এটা মহ বলিৰ পাছতেই বলি বিধান আৰু মেলাৰ সামৰণি পৰে। দেশৰ লগতে বিদেশৰ পৰা অহা ভক্ত সকলেও বলিৰ বাবে ছাগলী অনা পৰিলক্ষিত হয়।

আন আন বছৰত প্ৰায় ৫ সহস্ৰাধিক ছাগলী বলি দিয়াৰ লগতে আন ৫ সহস্ৰাধিক ছাগলী এৰি দিয়া হৈছিল যদিও এইবেলি মাত্ৰ দুই হেজাৰ ছাগলী বলি দি অধিকাংশ ছাগলী মন্দিৰ প্ৰাঙ্গনত দেৱীৰ নামত উচৰ্গা কৰা হয়। মহকুমা, জিলা আৰু আৰক্ষী প্ৰশাসনৰ লগতে উদ্যোগতাকাৰী সকলৰ সহযোগত তিনিদিনীয়া মেলাৰ সামৰণি পৰে।

৫ লক্ষাধিক ভক্তৰ সমাগম: মেঘালয়ৰ গাৰো পাহাৰত চৰণতলা দেৱীৰ মেলা...
এতিয়াৰে পৰা চৰকাৰী কাৰ্যালয়ত নিষিদ্ধ জিনছ পৰিধান কৰা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in