/asomiyapratidin/media/media_files/2025/02/12/pxXqsGeXage4ZPrMzNFi.jpg)
ডিজিটেল ডেস্কঃ অশান্ত মণিপুৰৰ এগৰাকী জ্যেষ্ঠ সাংবাদিকক ১১ ফেব্ৰুৱাৰীৰ পুৱা বিদ্ৰোহী সংগঠনে অপহৰণ কৰা কাৰ্যত উদ্বিগ্নতা প্ৰকাশ কৰিছে প্ৰেছ এমব্লেম কেম্পেইন চমুকৈ পি ই চিয়ে। উল্লেখ্য যে, মঙলবাৰে মণিপুৰৰ এটা বিদ্ৰোহী সংগঠনে অপহৰণ কৰিছিল জ্যেষ্ঠ সাংবাদিক ইয়ম্বেম লাবাক।
এই খবৰ বিয়পি পৰাৰ লগে লগে বিষয়টোক লৈ উদ্বিগ্ন হৈ পৰে সাংবাদিক সংগঠনসমূহ। পি ই চিয়ে এইগৰাকী জ্যেষ্ঠ সাংবাদিকক বিনা চৰ্তে মুক্তি দিয়াৰো দাবী উত্থাপন কৰে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকো এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়।
অৱশ্যে অপহৰণৰ কিছু সময়ৰ পাছতেই তেওঁক মুক্তি দিয়া হয়। স্থানীয় সংবাদকৰ্মীসকলে জনোৱা মতে, লাবাক ইম্ফলৰ উৰিপোক অঞ্চলস্থিত তেওঁৰ বাসগৃহৰ পৰা বন্দুকধাৰীয়ে অপহৰণ কৰিছিল। আনকি অপহৰণৰ সময়ত তেওঁক পোচাক পৰিধান কৰিবলৈয়ো সুযোগ দিয়া হোৱা নাছিল।
এক ভিডিঅ’ বার্তাত লাবাই কয় যে, তেওঁ ভুলবশতঃ এটা বিদ্ৰোহী সংগঠনে ‘আত্মসমৰ্পণ কৰা’ বুলি উল্লেখ কৰিছিল। অথচ সেই বিদ্ৰোহী গোটটিয়ে চৰকাৰৰ সৈতে অস্ত্ৰবিৰতিৰ আলোচনাত আছিল। লাবাই সোমবাৰে নিশা এক স্থানীয় টেলিভিছন আলোচনাত মণিপুৰৰ বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতি সম্পৰ্কে মন্তব্য কৰিছিল।
৬৯ বছৰীয়া লাবা মঙলবাৰে নিশা পৰ্যন্ত সন্ধানহীন হৈ আছিল। এই বিষয়টোৱে পৰিয়ালটোকো উদ্বিগ্ন কৰি ৰাখিছিল। মন কৰিবলগীয়া যে, কেইটামান মাহৰ পূৰ্বে উগ্ৰপন্থীয়ে তেওঁৰ ঘৰসমূহৰ সন্মুখত বহুবাৰ গুলীবর্ষণ কৰিছিল।
মণিপুৰ মানৱ অধিকাৰ আয়োগৰ পূৰ্বৰ সদস্য হিচাপে পৰিচিত লাবা সামাজিক মাধ্যমতো যথেষ্ট সক্ৰিয়। য’ত তেওঁ মণিপুৰৰ চলি থকা সংকট সন্দৰ্ভত নিজৰ মতামত প্ৰকাশ কৰি আহিছে।
PECৰ সভাপতি ব্লেইজ লেম্পেনে এই সন্দৰ্ভত এক বিজ্ঞপ্তিত কয়, “কোনো সাংবাদিকক, তেওঁৰ ৰাজ্য অথবা আন শক্তিসমূহক নিয়মিতভাৱে সমালোচনা কৰিলেও, শাৰীৰিকভাৱে ক্ষতি কৰাটো গ্ৰহণযোগ্য নহয়। সংবাদকৰ্মীসকলৰ নিজৰ মতামত প্ৰকাশ কৰাৰ স্বাধীনতা আছে। এয়া আইনী আৰু যুক্তিসঙ্গত। যদিও কেতিয়াবা ৰাজনীতিবিদ আৰু সশস্ত্ৰ গোটসমূহৰ বাবে সেই সমালোচনা অপ্ৰিয় হ’ব পাৰে।
PECৰ দক্ষিণ এছিয়া প্ৰতিনিধি নৱ ঠাকুৰীয়াই উল্লেখ কৰে যে ম্যানমাৰৰ সীমান্তৰ ৰাজ্যৰ মণিপুৰ বহুদিন ধৰি গোষ্ঠীগত সংঘাতৰ সাক্ষী হৈ আহিছে। ২০২৩ৰ মে’ পৰা এইপৰ্যন্ত ৰাজ্যখনত ২৫০ তকৈ অধিক লোক নিহত হৈছে আৰু ৬০,০০০ তকৈ অধিক লোক গৃহহীন হৈছে।