মহিলাক মেইটেই যুৱকক গতাইছিল আৰক্ষীয়ে! পাছত গাড়ীত বহি চাইছিল জঘন্য দৃশ্য

মহিলাক মেইটেই যুৱকক গতাইছিল আৰক্ষীয়ে! পাছত গাড়ীত বহি চাইছিল জঘন্য দৃশ্য

ডিজিটেল ডেস্কঃ মণিপুৰৰ ঘটনাই দেশ জোকাৰি গৈছে। কুকি-জমি মহিলাক নগ্ন কৰি ৰাজপথত পেৰেড কৰা কাৰ্যই বিশ্ববাসীৰ ওচৰত ভাৰতক লজ্জানত কৰা এই ঘটনাৰ নতুন নতুন ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। প্রকাশিত এই তথ্যমতে যি দুগৰাকী খ্ৰীষ্টান যুৱতীক মেইটেই পুৰুষৰ দলে নগ্ন কৰি পেৰেড কৰাই দলবদ্ধ ধর্ষণ কৰিছিল সেই যুৱতী দুগৰাকীক যুৱকৰ দলটোৰ হাতত গতাই দিছিল মণিপুৰী মেইটেই আৰক্ষীৰ এটা দলে।

যোৱা ৩ মে'ৰ পৰা মণিপুৰত মেইটেই আৰু কুকি-জ’মিকলৰ মাজত সংঘৰ্ষ আৰম্ভ হৈছিল। মেইটেইসকলে কুকি-জমিসকলৰ ওপৰত চলাইছিল ভয়ংকৰ আক্ৰমণ। ঘৰসমূহ জ্বলাই দিছিল। কুকি-জমিলোকসকলে নিৰাপদস্থান বিচাৰি বিভিন্ন ঠাইত আশ্ৰয় লৈছিল।

সেই আশ্ৰয় লোৱা সকলৰ ভিতৰত আছিল মহিলা শিশুও। দুর্ভাগ্যজনক যে তিনিগৰাকী মহিলাসহ দলটোক থৌবাল আৰক্ষীয়ে ধৰি আনিছিল। তেতিয়াই বাটত এদল মেইটেই লোকে আৰক্ষীক বাধা দি কুকিসকলৰ ওপৰত অত্যাচাৰ চলাব বিচাৰে। আৰক্ষীয়ে কুকিকেইগৰাকীক ৰক্ষা কৰাৰ চেষ্টা চলোৱাৰ পৰিবৰ্তে উন্মাদ মেইটেই দলটোৰ হাতত গতাই দিছিল। দলটোৰ হাতত আছিল অত্যাধুনিক মাৰণাস্ত্ৰ, দা, ছুৰী আদি।

ইয়াৰ পাছতে মানৱৰূপী নৰপিশাচৰ দলটোৱে বিবস্ত্ৰ কৰি বহুদূৰ খোজকঢ়াই নিয়ে। তাৰেই ২১ বছৰীয়া এগৰাকী যুৱতীক মেইটেই পুৰুষৰ দলে ধৰ্ষণ কৰে। বিবস্ত্ৰ কৰা ৩ গৰাকীৰ মাজৰ এগৰাকী আছিল ৫০ বছৰীয়া মহিলা।

বিবস্ত্ৰ কৰা যুৱতীগৰাকীৰ পিতৃক দলটোৱে গুলীয়াই হত্যা কৰে। ভগ্নীক ৰক্ষা কৰিব বিচৰা ভাতৃকো নৃশংসভাৱে হত্যা কৰে। দিন দুপৰতে সংঘটিত এই সমস্ত ঘটনাৰ সাক্ষী হৈছিল এখন কাৰত বহি থকা আৰক্ষীৰ দলটো।

এই বিবস্ত্ৰ কৰা মহিলা কেইগৰাকী এতিয়াও আছে আশ্ৰয় শিবিৰত। সংবাদ মাধ্যমক আগত তেওঁলোকে দাঙি ধৰিছে সেইদিনাৰ সমগ্ৰ ঘটনা। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি মহিলা এগৰাকীয়ে কৈছে যে তেওঁলোকক প্ৰাণে মৰাৰ ভাবুকি দিয়া হৈছিল। যদিহে তেওঁলোক বিবস্ত্ৰ হয় তেন্তে তেওঁলোকক হত্যা নকৰে বুলি কৈছিল। তেওঁলোকক প্ৰায় ৩০-৪০জন মেইটেই যুৱকে অত্যাচাৰ চলাইছিল।

ঘটনা সন্দৰ্ভত ইতিমধ্যে ৪ জন গ্ৰেপ্তাৰ হৈছে। মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁ দোষীসকলৰ বাবে ফাঁচীৰ দাবী কৰিব। কিন্তু প্ৰশ্ন হয়, এইটোৱেই জানো মণিপুৰৰ প্ৰথম ঘটনা।।হয়তো এনে আৰু বহু ঘটনা মণিপুৰত সংঘটিত হৈ আছে।

মহিলাক মেইটেই যুৱকক গতাইছিল আৰক্ষীয়ে! পাছত গাড়ীত বহি চাইছিল জঘন্য দৃশ্য
ৰোহিত-যশস্বী-কোহলিৰ অৰ্ধশতকৰে ভাৰতৰ ২৮৮ ৰান : পুনৰ ব্যৰ্থ শুভমন গীল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in