/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/aef3e2f2-fcc3-4664-8769-c4a9d5bafa72/MANIPUR_19.jpg)
জ্বলিবলৈ এৰি দিয়া মণিপুৰত এইবাৰ নিষিদ্ধ ৱাকি-টকি...
ডিজিটেল ডেস্কঃ মণিপুৰৰ উত্তপ্ত পৰিস্থতিৰ মাজতে ৰাজ্যচৰকাৰে এক নিৰ্দেশনাৰ জৰিয়তে ৱাকি-টকিৰ অকৰ্তৃশীল বিক্ৰী আৰু ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰিছে। উল্লেখ্য যে, যোৱা ৩ মে’ৰ পৰা জ্বলন্ত অগ্নিকুণ্ডলৈ পৰিণত হোৱা মণিপুৰত বন্ধ হৈ আছে ইণ্টাৰনেট সেৱা।
তাৰ পাছতো এতিয়াও মণিপুৰত শান্তি স্থাপনৰ কোনো লক্ষ্যণ দেখা পোৱা নাই। প্ৰায় প্ৰতিদিনেই মণিপুৰত অব্যাহত আছে হিংসাত্মক ঘটনা। প্ৰতিদিনেই চলিছে গুলী, প্ৰতিদিনেই জ্বলিছে ঘৰ।
এনে পৰিস্থিতিত মণিপুৰত ইণ্টাৰনেট সেৱা পুনৰুদ্ধাৰ সম্ভৱ হৈ থকা নাই। ইণ্টাৰনেট সংযোগ বিচিন্ন হৈ থকাৰ মাজতে ৰাজ্যখনত বৃদ্ধি পাইছে ৱাকি-টকিৰ ব্যৱহাৰ। ইণ্টাৰনেট নথকাত এই ৱাকি-টকিৰ জৰিয়তেই এতিয়া দুৰ্বৃত্তই ৰাজ্যখনত হিংসাত্মক ঘটনা বৃদ্ধি কৰি আহিছে বুলি অভিযোগ উত্থাপিত হৈছে।
১৮ জুনত মণিপুৰ চৰকাৰে এক নিৰ্দেশনাৰ জৰিয়তে পশ্চিম ইম্ফল জিলাত ৱাকি-টকিৰ অকৰ্তৃশীল বিক্ৰী আৰু ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰিছে।
উল্লেখ্য যে,পশ্চিম ইম্ফলৰ জিলা দণ্ডাধীক্ষে স্বাক্ষৰ কৰা এক নিৰ্দেশনাত কোৱা হৈছে যে, জিলাখনৰ আৰক্ষী অধীক্ষকে দাখিল কৰা এক প্ৰতিবেদনত কৈছে যে, ৱাকি-টকি, ব্যক্তিগত মোবাইল ৰেডিঅ' আদিৰ সহায়ত দুৰ্বৃত্তই জনসাধাৰণৰ মাজত অপপ্ৰচাৰ আৰু হিংসাত্মক ঘটনা সংঘটিত কৰি আহিছে।