/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/d0afefc6-ab1e-4f4b-85b9-c0179af18cf1/manipur.jpg)
ডিজিটেল ডেস্ক: বুধবাৰে মণিপুৰত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা। মণিপুৰৰ নোনীত সংঘটিত এই দুৰ্ঘটনাৰ ফলত নিহত হয় প্ৰায় ১৫ গৰাকীকৈ ছাত্ৰ-ছাত্ৰী আৰু আহত হয় কেইবাজনো।
জানিব পৰা মতে দুখন বাছে স্কুলৰ ছাত্ৰ-ছাত্ৰী কঢ়িয়াই আনিছিল । শিক্ষামূলক ভ্ৰমণৰ বাবে খৌপুখলৈ গৈ থকাৰ অৱস্থাতে এই পথ দুৰ্ঘটনা সংঘটিত হয়। এই ছাত্ৰ-ছাত্ৰী সকল থামবালনু হায়াৰ চেকেণ্ডাৰী স্কুলৰ আছিল।
বাছখনত প্ৰায় ২২ গৰাকী ছাত্ৰ-ছাত্ৰী আছিল বুলি জানিব পৰা গৈছে। আহত কেইজনক ইতিমধ্যে হাস্পাতাললৈ প্ৰেৰণ কৰা হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us