মণিপুৰৰ ন’নেই ভূমিস্খলনৰ ঘটনাত ২৫ জনৰ মৃতদেহ উদ্ধাৰঃ মাটিত পোত যোৱা সন্ধানহীন ৩৮ জনৰ মৃত্যু হোৱা আংশকাঃ মৃতকৰ পৰিয়াললৈ পাঁচ লাখ টকাৰ আৰ্থিক সাহাৰ্য্য ঘোষণা এন বীৰেন সিঙৰ

মণিপুৰৰ ন’নেই ভূমিস্খলনৰ ঘটনাত ২৫ জনৰ মৃতদেহ উদ্ধাৰঃ মাটিত পোত যোৱা সন্ধানহীন ৩৮ জনৰ মৃত্যু হোৱা আংশকাঃ মৃতকৰ পৰিয়াললৈ পাঁচ লাখ টকাৰ আৰ্থিক সাহাৰ্য্য ঘোষণা এন বীৰেন সিঙৰ

author-image
asomiyapratidin
New Update
মণিপুৰৰ ন’নেই ভূমিস্খলনৰ ঘটনাত ২৫ জনৰ মৃতদেহ উদ্ধাৰঃ মাটিত পোত যোৱা সন্ধানহীন ৩৮ জনৰ মৃত্যু হোৱা আংশকাঃ মৃতকৰ পৰিয়াললৈ পাঁচ লাখ টকাৰ আৰ্থিক সাহাৰ্য্য ঘোষণা এন বীৰেন সিঙৰ

ডিজিটেল সংবাদ, বেকাজান , ২ জুলাইঃ মণিপুৰৰ ন'নেই জিলাৰ জিৰিবাম – ইম্ফল সংযোগী নিৰ্মাণৰত ৰেলৱে প্ৰকল্পত বুধবাৰে নিশা সংঘটিত হোৱা ভয়ানক ভূমিস্খলনত মৃত্যু হোৱা ৬৭ জন লোকৰ ভিতৰত ২৫ টা মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে উদ্ধাৰকাৰী দলে ।

Advertisment

কালি উদ্ধাৰ কৰা ২১টা মৃতদেহৰ পিছত আজি এন ডি আৰ এফ , এছ ডি আৰ এফ আৰ্মি আৰু আছাম ৰাইফলছে চলোৱা যৌথ উদ্ধাৰ অভিযানত ৪ টা মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় । উদ্ধাৰ কৰা সকলৰ ভিতৰত ১৩ জন টেৰিটৰিয়েল আৰ্মি আৰু ১২ গৰাকী ৰেলৱে নিৰ্মাণ শ্ৰমিক ।

আনহাতে উদ্ধাৰকাৰী দলে ১৪ জন লোকক জীৱন্তে উদ্ধাৰ কৰি ইতিমধ্যে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে । বাকী ৩৮ জনলোকৰ মৃতদেহ কোন ঠাইত পোত খাই আছে তাৰ প্ৰকৃত স্থান সন্ধান কৰিব নোৱাৰা বাবে উদ্ধাৰ কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ উদ্ধাৰকাৰী দল ।

কোনোলোক জীৱন্ত থাকিব পাৰে বুলি সেনাই ড্ৰোনৰ সহায়ত সন্ধান চলাই আছে । উল্লেখযোগ্য যে বিগত কিছুদিন ধৰি অঞ্চলটো নেৰানেপেৰা বৃষ্টিপাত হৈ থকা ফলত মণিপুৰৰ ন'নেইৰ জিলাৰ জিৰিবাম – ইম্ফল সংযোগী প্ৰায় ১১১ কিলোমিটাৰ দৈৰ্ঘ্যৰ মেগা ৰেলৱে প্ৰকল্পৰ টুপুল ৰেলৱে ষ্টেচনত বৃহৎ আকাৰৰ পাহাৰৰ খহি পৰাৰ ফলত নিৰাপত্তাৰ দায়িত্ব থকা ১০৭ নং টেৰিটৰিয়েল আৰ্মিৰ ২৩ জোৱান, উত্তৰ পূব ৰেলৱে ৩৫ গৰাকী বিষয়া শ্ৰমিক আৰু ৫ গৰাকী অসামৰিক লোকক পুতি পেলায়।

চৌবিশ ঘণ্টা উকলি যোৱাৰ পাছত ভূমিস্খলনত আবদ্ধ হৈ থকা লোকসকল জীয়াই থকাৰ সম্ভাৱনা ক্ষীণ বুলি প্ৰশাসনে প্ৰকাশ কৰিছে । জানিব পৰামতে প্ৰবল বৰষুণৰ বাবে ৰেলৱে লাইনৰ কাটি থকা পাহাৰ এটা সম্পূৰ্ণভাৱে বুধবাৰে নিশা দুই মান বজাত খহি পৰি ননেই নদীখন ভেটি পেলায় । ফলত নদীত বান্ধ সৃষ্টি হৈ এক হ্ৰদৰ সৃষ্টি হয় ।

আনহাতে পাহাৰৰ ভূমিস্খলন ইমানেই বিশাল আছিল যে ননেই নদীৰ নামনি অংশ পুতি পেলাই । তাত কেম্প কৰি থকা টেৰিটৰিয়েল আৰ্মি , ৰেলৱে কৰ্মচাৰী আৰু অসামৰিক লোকক সেই সময়ত গভীৰ টোপনি থকাৰ বাবে জীৱন্তে ভূমিস্খলনত পোত যায় । ইফালে মণিপুৰৰ এই ভয়ানক ভূমিস্খলনৰ ঘটনাৰ উদ্ধাৰ কাৰ্য অধ্যয়ন আৰু পৰিস্থিতি বুজ লবলৈ আজিও মুখ্যমন্ত্ৰী এন বীৰেন সিঙ ঘটনা স্থলিত উপস্থিত হয় ।

মুখ্যমন্ত্ৰী এন বীৰেন সিঙে প্ৰকাশ কৰামতে ন'নেই ৰেলৱে বৃহৎ প্ৰকল্পত মুঠ ৮১ গৰাকী লোক কৰ্মৰত হৈ আছিল । ইয়াৰে ২৫ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে , ১৪ জনক জীৱন্তে উদ্ধাৰ কৰা হৈছে । এতিয়াও ৩৮ গৰাকী মাটিৰ তলত পোত খাইছে ।

এই শোকাবহ প্ৰাকৃতিক দুৰ্যোগৰ সন্দৰ্ভত মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে কয় যে- এইটো খুবেই দুখঃজনক ঘটনা । এইটো ইতিহাসৰ প্ৰথমটো এনেধৰণৰ ভয়ংকৰ ভূমিস্খলনৰ ঘটনা । ইয়াত আমি বহুমূলীয়া হেৰুৱাইছো । ১৪ জনক উদ্ধাৰ কৰা হৈছে । মৃতদেহ সন্ধান কৰাতো জটিল হৈছে । সেনা , আছাম ৰাইফলছ, এন ডি আৰ এফ আৰু এছ ডি এফ আৰ লগতে ১২ টি উদ্ধাৰকাৰী দলৰ ৪০০ কৰ্মীয়ে যুদ্ধৰ গতিত অভিযান অব্যাহত ৰাখিছে । সম্পূৰ্ণ উদ্ধাৰ কৰিবলৈ আৰু তিনি দিন লাগিব ।

ইয়াৰোপৰি তেওঁ কয়- মই মৃতকৰ পৰিয়ালৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো আৰু আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো । চৰকাৰৰ ফালৰ পৰা মৃতকৰ পৰিয়ালৈ পাঁচ লাখ টকা আৰু আহতসকল ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য কথা ঘোষণা কৰিছে । ইফালে ন'নেই জিলাৰ উপায়ুক্তই ঘটনাস্থলি বাহৰ পাতি পৰিস্থিতি তদাৰক কৰি আছে।