/asomiyapratidin/media/media_files/2025/02/28/ozHhtBzQ2aCSrUxU0HXW.jpg)
ডিজিটেল সংবাদ শিলচৰ: অশান্ত জৰ্জৰ মণিপুৰত ৰাষ্ট্ৰপতি শাসন বলবৎ হোৱাৰ পিছতে অবৈধ মাৰণাস্ত্ৰ জমা দিয়াৰ ধূম উঠিছে। অবৈধ মাৰণাস্ত্ৰৰে ভৰি পৰিছে মনিপুৰৰ থানাসমূহ।
ৰাষ্ট্ৰপতি শাসন বলবৎ হোৱাৰ পিছতে অবৈধ মাৰণাস্ত্ৰসমূহ জমা দিবলৈ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই ১০ দিন সময় বান্ধি দিয়াৰ পিছতে এইদৰে প্ৰতিদিনে মণিপুৰৰ প্ৰায়সমূহ জিলাৰ থানা আৰু আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত অবৈধ মাৰণাস্ত্ৰ জমা দিছে অস্ত্ৰ মজুতকাৰীসকলে।
ৰাজ্যপালগৰাকীৰ কঠোৰ নিৰ্দেশৰ পিচতেই বিভিন্ন ধৰণৰ শতাধিক মাৰণাস্ত্ৰ, গুলী, বিস্ফোৰক আদি স্বেচ্ছাই প্ৰশাসনৰ ওচৰত জমা দিয়ে অস্ত্ৰ মজুত ৰখা লোকসকলে। বুধবাৰৰ পিচত বৃহস্পতিবাৰেও মণিপুৰৰ পশ্চিম ইম্ফল, পূৱ ইম্ফল, থৌবাল, চূৰাচানন্দপুৰ, বিষ্ণুপুৰ আৰু কাংকপি আৰু কাকচিং জিলাৰ আৰক্ষীৰ ওচৰত বুজণ সংখ্যক অস্ত্ৰ-শস্ত্ৰ জমা দিয়া হয়।
আটাইকেইখন জিলাত SLR, INSAS, AK 47, LMG, SBBL, SMG Carbine, হেণ্ড গ্ৰেণেড, ৰাইফল, পিস্তল সহ বিভিন্ন ধৰণৰ কেইবাশ অত্যাধুনিক মাৰণাস্ত্ৰ জমা দিয়ে জনসাধাৰণে। এই মাৰণাস্ত্ৰ সমূহৰ উপৰি, দেশ বিদেশত নিৰ্মিত বিভিন্ন পিস্তল, ৰাইফলৰ কেইবা শ সজীৱ গুলী, মেগজিন, হেণ্ড গ্ৰেণেড,মৰ্টাৰ, বোমা, IED ৰকেট লঞ্চাৰৰ লগতে কেইবাটাও বাইনোকুলাৰ, ডিটনেটৰ, টিয়েৰ গেছ চেল, বুলেট প্ৰুফ হেলমেট, ৱাকিটকি, বিস্ফোৰক সেনা পোছাকসহ অসংখ্য আপত্তি জনক সামগ্ৰী জমা দিয়া হয়।
উল্লেখ্য যে, যোৱা ১৩ ফেব্ৰুৱাৰীত মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত ৰাজ্যপালৰ পৰা পোৱা প্ৰতিবেদনৰ পাছতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে সংবিধান অনুসৰিয়েই ৰাষ্ট্ৰপতিৰ শাসন জাৰি কৰিছিল। এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে জাৰি কৰা এক অধিসূচনাত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ বক্তব্যত লিখিছিল এইদৰে- ‘’মণিপুৰৰ ৰাজ্যপালৰ প্ৰতিবেদন মই লাভ কৰিছো। সেই প্ৰতিবেদন পৰীক্ষা কৰি আৰু অন্যান্য তথ্যৰ ভিত্তিত মই পতিয়ন গৈছো, সংবিধান অনুসৰি তাত চৰকাৰ চলোৱা সম্ভৱ হৈ থকা নাই।‘’