ডিজিটেল ডেস্কঃ বছৰটোৰ শেষত বোধোদয় হ’ল মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ। ৰাজ্যখনত সংঘটিত হোৱা দুই জনগোষ্ঠীৰ মাজৰ ৰক্তক্ষয়ী সংঘাতৰ বাবে সৰ্বস্তৰৰ নাগৰিকৰ ওচৰত ক্ষমা বিচাৰিলে এন বীৰেন সিঙে।
মঙ্গলবাৰে ইম্ফলত সাংবাদিক সন্মিলন সম্বোধন কৰি ৰাজ্যবাসীক উদ্দেশ্যি তেওঁৰ বাৰ্তা প্ৰেৰণ কৰে। এই সংবাদ মেলতে তেওঁ কয়, অতীত পাহৰি ক্ষমা কৰক। মণিপুৰলৈ শান্তি ঘূৰি আহিব।
তেওঁ পুনৰ কয়, গোটেই বছৰটো ৰাজ্যখনৰ বাবে দুৰ্ভাগ্যজনক আছিল। যোৱা বছৰৰ ৩ মে’ৰ পৰা ৰাজ্যত যি ঘটনা ঘটি আছে তাৰ বাবে সাধাৰণ মানুহৰ ওচৰত মই ক্ষমা বিচাৰিছো। বহুতেই প্ৰিয়জনক হেৰুৱাইছে। অনেকে বাসগৃহ হেৰুৱাইছে। মই অনুতপ্ত। ক্ষমা বিচাৰিছো।
তেওঁ কয়, যোৱা তিনি-চাৰি মাহৰ শান্তি পৰিস্থিতি দেখি মোৰ আশা ২০২৫ ৰ ভিতৰত ৰাজ্যৰ স্বাভাৱিক পৰিস্থিতি ঘূৰি আহিব। তেওঁ ৰাজ্যখনৰ মুঠ ৩৫ টা উপ-জাতিক মিলা প্ৰীতিৰে থাকিবলৈয়ো আহ্বান জনাইছে।
উল্লেখ্য যে, যোৱা বছৰৰ মে’ মাহৰ পৰাই মণিপুৰক কুকি আৰু মেইটেই সম্প্ৰদায়ৰ মাজত গোষ্ঠীগত সংঘৰ্ষ অব্যাহত আছে। এই পৰ্যন্ত এই সংঘাতত ২৫০ জনৰো অধিক লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৫০ হাজাৰৰো অধিক লোক গৃহহীন হৈছে।
সংবাদ মেলত বীৰেন সিঙে আৰু কয় যে, সমস্যাৰ সমাধান একমাত্ৰ আলোচনাৰ মাধ্যমেৰেই আহিব। কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে সেই প্ৰক্ৰিয়া আৰম্ভ কৰিছে।
অৱশ্যে বিৰোধীয়ে দাবী কৰিছে মণিপুৰৰ হিংসাত্মক ঘটনা দীঘলীয়া হোৱাৰ অন্তৰালত মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ নেতৃত্বাধীন ৰাজ্যখনৰ গেৰুৱা চৰকাৰ আৰু কেন্দ্ৰৰ গুৰুত্বহীনতা। ৰাজ্যখনত শান্তি প্ৰতিষ্ঠাৰ বাবে কোনো কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই।
পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ পাছত নীৰৱতা ভাঙিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ। উদ্বেগ প্ৰকাশ কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে। এতিয়া বছৰৰ শেষত মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ বোধোদয়ক বিৰোধীয়ে তীব্ৰ কটাক্ষ কৰিছে।