মণিপুৰৰ মন্ত্ৰীৰ বাসগৃহত বোমা বিস্ফোৰণঃ এজন চি আৰ পি এফ জোৱান আহত

 মণিপুৰৰ মন্ত্ৰীৰ বাসগৃহত বোমা বিস্ফোৰণঃ এজন চি আৰ পি এফ জোৱান আহত

ডিজিটেল সংবাদ বেকাজানঃ ইম্ফল পশ্চিম জিলাৰ চিংজামেইৰ য়ুমনাম লেইকাইত থকা মণিপুৰ চৰকাৰৰ মন্ত্ৰী ৱাই খেমচান্দৰ বাসগৃহৰ গেটৰ সমীপত শনিবাৰে নিশা প্ৰায় ৯:৫০ বজাত এটা হেণ্ড গ্ৰেনেড বিস্ফোৰণ ঘটে। আৰক্ষীৰ সূত্ৰ অনুসৰি দুচকীয়া বাহনত থকা দুজন অচিনাক্ত ব্যক্তিয়ে হেণ্ড গ্ৰেনেডটো মন্ত্ৰীগৰাকীৰ বাসগৃহৰ গেটৰ ফালে নিক্ষেপ কৰে।

বোমাটো বাসগৃহৰ চৌহদৰ ভিতৰত বিস্ফোৰণ ঘটিছিল। কিন্তু ঘটনা সংঘটিত হোৱাৰ সময়ত মন্ত্ৰীগৰাকী নিজ বাসগৃহত আছিল। মন্ত্ৰী খেমচান্দে উল্লেখ কৰে যে তেওঁ কোনো ধৰণৰ ভাবুকি লাভ কৰা নাই।

এই আক্ৰমণৰ সময়ত মন্ত্ৰীগৰাকীৰ বাসগৃহত পহৰা দি থকা এছ আই দাস নামৰ চি আৰ পি এফ জোৱান এজনৰ সোঁহাতত বোমা ফাটি যোৱাৰ ফলত আঘাতপ্ৰাপ্ত হয়। নিশাই মুখ্যমন্ত্ৰী এন বীৰেন সিঙে ঘটনাস্থলী পৰিদৰ্শন কৰি পৰিস্থিতি বুজ লয়। তেওঁ এই বোমা আক্ৰমণক তীব্ৰ গৰিহণা দি এই কাৰ্যৰ বাবে দায়ী দোষীক ক্ষিপ্ৰতাৰে গ্ৰেপ্তাৰ কৰা হ’ব বুলি আশ্বাস দিয়ে।

 মণিপুৰৰ মন্ত্ৰীৰ বাসগৃহত বোমা বিস্ফোৰণঃ এজন চি আৰ পি এফ জোৱান আহত
বাসগৃহৰ দেৱালত খুণ্ডা তীব্ৰবেগী চাৰিচকীয়া বাহনৰ, থিতাতে নিহত চালক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in