মণিপুৰৰ কামজং জিলাত সেনাৰ এম্বুছত পিপলছ লিবাৰেচন আৰ্মিৰ তিনি শীৰ্ষ কেডাৰ নিহত

মণিপুৰৰ কামজং জিলাত সেনাৰ এম্বুছত পিপলছ লিবাৰেচন আৰ্মীৰ তিনিজন কেডাৰৰ নিহত হৈছে বুলি জানিব পৰা গৈছে।

author-image
Asomiya Pratidin
New Update
মণিপুৰৰ কামজং জিলাত সেনাৰ এম্বুছত পিপলছ লিবাৰেচন আৰ্মিৰ তিনি শীৰ্ষ কেডাৰ নিহত

manipur ambush attack

ডিজিটেল সংবাদ,বেকাজানঃ মণিপুৰৰ কামজং জিলাত সেনাৰ এম্বুছত পিপলছ লিবাৰেচন আৰ্মীৰ তিনিজন কেডাৰৰ নিহত হৈছে বুলি জানিব পৰা গৈছে। শনিবাৰে পুৱা প্ৰায় ৯ বজাত ভাৰতীয় সেনা আক্ৰমণত এই তিনিগৰাকী শীৰ্ষ কেডাৰ নিহত হোৱা বুলি পি এল অৰ সম্পাদক প্ৰচাৰ বেংকিমে এক জৰিয়তে সোমবাৰে বিবৃতিত সদৰি কৰিছে।

Advertisment

আছাম ৰাইফলছ আৰু সেনাৰ আক্ৰমণত নিহত হোৱা পিএলএৰ কেডাৰ সকলক হৈছে - কেপ্তেইন হংবা আ ইয়াছ য়ুমনাম লাকী ওৰফে টাংবা (এমচি নং ৩২৯) য়ুমনাম টমচৌ , য়ুমনাম অংবি আংগাই (নুপিমাচা) মৰেহ টুৰেল ৱাংমা, কেপ্তেইন সাজিতৰ পুত্ৰ হিচাপে চিনাক্ত কৰা হৈছে ।

প্ৰকৃত নাম ৱাংখেম জিতেন মিটেই (এম চি ৩৩৮) ৱাংখেম কানহাই মিটেই আৰু য়াইৰিপক হেৰং থংখংৰ ৱাংখেম আহনবিৰ পুত্ৰ , কেপ্তেইন শশীকান্ত ওৰফে আয়াংবা প্ৰকৃত নাম মইৰাংথেম বিছাৰূপ (এম চি ৩৬১), ৱাংখেই আয়ংপল্লী নিংথেম পুখৰিৰ মইৰাংথেম ইবোমচা মিটেই আৰু মইৰাংথেম অংবি সুমিলা লেইমাৰ পুত্ৰ মাপাল।

২০০৬ চনৰ ২০ আগষ্টত কেপ্তেইন হংবা ওৰফে লাকিয়ে এই সংগঠনটোত যোগদান কৰে আৰু পিএলএৰ যুদ্ধ কাৰ্যালয়ে তেওঁক আৰ্মি নং. ২৮৬৭ ডিচেম্বৰ ২০০৬ চনত সামৰিক প্ৰশিক্ষণ সম্পূৰ্ণ কৰিছিল। তেওঁলোকে সংগঠনটোৰ লেফটেণ্ট পদত কাৰ্যনিৰ্বাহ কৰিছিল বুলি জানিব পৰা গৈছে।

manipur northeast