/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/1892133a-c894-427a-9651-9154df3c89b6/congress.jpg)
১১ জন মোডী, শ্বাহ আহিলেও ৰোধিব নোৱাৰে কংগ্ৰেছকঃ ২৪ ত হ'ব কংগ্ৰেছৰ চৰকাৰ...
ডিজিটেল ডেস্কঃ '২০২৪ ত কেন্দ্ৰত চৰকাৰ গঠন কৰিব কংগ্ৰেছে। ২৪ ৰ লোকসভাৰ নিৰ্বাচনত বিজেপিক উৎখাত কৰি কংগ্ৰেছ পুনৰ শাসনলৈ আহিব। এই কথা আমাৰ নহয়।'
এই দাবী কৰিছে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে। নাগালেণ্ড বিধানসভাৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ সভাত অংশ লৈ এই বাদী কৰিছে কংগ্ৰেছ সভাপতিগৰাকীয়ে।
নাগালেণ্ডৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি খাৰ্গেয়ে কয়, ২০২৪ ত ১০০ জন মোডী, ১০০ জন শ্বাহ আহিলেও কংগ্ৰেছেই চৰকাৰ গঠন কৰিব। তেওঁ কয়, ২০২৪ ত কংগ্ৰেছৰ নেতৃত্বত বিৰোধিয়ে বিজেপিক উৎখাত কৰিব। আমি এই বিষয়ে আন দলৰ সৈতেও কথা পাতিছো। অন্যথা দেশৰ গণতন্ত্ৰ আৰু সংবিধান ধ্বংস হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে স্বৈৰাচাৰীৰ দৰে কাম কৰি আছে।
খাৰ্গেয়ে, দাবী কৰিছে, ২০২৪ ত মিত্ৰজোঁটৰ চৰকাৰা শাসনলৈ আহিব আৰু এই চৰকাৰক কংগ্ৰেছে নেতৃত্ব প্ৰদান কৰিব। বিজেপিয়ে অকলে সংখ্যাগৰিষ্ঠতা অৰ্জন নকৰে। সেয়ে বিৰোধী একত্ৰিত হ'লে সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিব পাৰিব। আৰু এই চৰকাৰে গণতান্ত্ৰিক আৰু সংবিধান অনুসৰি কাম কৰি যাব।
তেওঁ কয়, দেশৰ বাবে কংগ্ৰেছে স্বাধীনতাৰ বাবে প্ৰাণ ত্যাগ কৰিছে। বিজেপিয়ে সেই ত্যাগ কৰা নাই। তেওঁ প্ৰত্যাহ্বান জনাই কয়, মোক এনে এজন বিজেপিৰ মানুহ দেখাই দিয়ক, যিয়ে স্বাধীনতাৰ বাবে যুঁজ দি কাৰাগাৰলৈ গৈছিল। বৰঞ্চ স্বাধীনতাৰ বাবে যুঁজ দি থকা মহাত্মা গান্ধীক হত্যাহে কৰিছিল।
এই লোকসকলে এতিয়া দেশ প্ৰেমৰ কথা কৈ আছে। যিয়ে জীৱন ত্যাগ কৰিছে তেওঁলোকক এইসকল লোকে দেশপ্ৰেমৰ কথা শিকাই আছে। তেওঁ লগতে কয় ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধীয়ে দেশৰ ঐক্যৰ বাবে প্ৰাণ দিছিল । বিজেপিত কোনে প্ৰাণ দিছে? তেওঁলোকৰ মতে ২০১৪ ত হে দেশে স্বাধীনতা লাভ কৰিছে, তেওঁলোকৰ মনত ১৯৪৭ নাই।
हमने देश को मज़बूत बनाया है,
मोदी सरकार केवल कमज़ोर बना रही है ! pic.twitter.com/yol4AvlLAD— Mallikarjun Kharge (@kharge) February 21, 2023
Also Read: ৬৩ ত ঔষধ প্ৰস্তুত প্ৰতিষ্ঠান, ৮৫ ত মহন্তক মুখ্যমন্ত্ৰী পতা মানুহজন