ক্ৰমাৎ শান্ত হ'বলৈ ধৰা মণিপুৰক পুনৰ অশান্ত কৰাৰ ব্লুপ্ৰিণ্ট ! সেনাই জব্দ কৰিলে বিস্ফোৰক সামগ্ৰী...

ক্ৰমাৎ শান্ত হ'বলৈ ধৰা মণিপুৰক পুনৰ অশান্ত কৰাৰ ব্লুপ্ৰিণ্ট ! সেনাই জব্দ কৰিলে বিস্ফোৰক সামগ্ৰী...
ক্ৰমাৎ শান্ত হ'বলৈ ধৰা মণিপুৰক পুনৰ অশান্ত কৰাৰ ব্লুপ্ৰিণ্ট ! সেনাই জব্দ কৰিলে বিস্ফোৰক সামগ্ৰী...

 ডিজিটেল ডেস্কঃ কেইদিনমানৰ পূৰ্বে জ্বলন্ত অগ্নিকুণ্ডলৈ পৰিণত হোৱা চুবুৰীয়া ৰাজ্য মণিপুৰ এতিয়াও সম্পূৰ্ণৰূপে শান্ত হোৱা নাই। তাৰ মাজতে ৰাজ্যখনত একাংশ দুষ্কৃতিকাৰীয়ে সন্ত্ৰাসমূলক কাৰ্যকলাপৰ অপচেষ্টা অব্যাহত ৰাখিছে।

ভাৰতীয় সেনাই বুধবাৰে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৩ কেজি টি এন টি, ১৫ টা ইলেক্টিক ডিটেনেটৰ, ৪ টা চাৰ্কিট আৰু ৰিমট ফায়াৰিং ডিভাইছ। ভাৰতীয় সেনাৰ এটা তদলদাৰী দলে চলোৱা এক অভিযানত বুধবাৰে পূৱ ইম্ফলৰ ফুটহিলছৰ বুংগবাল খুলেন গাঁৱৰ পৰা উদ্ধাৰ কৰে এই বিস্ফোৰক সামগ্ৰীখিনি।

উল্লেখ্য যে, জনজাতিকৰণক লৈ দুটা সম্প্ৰদায়ৰ মাজত সৃষ্টি হোৱা সংঘাটে ভয়ংকৰ ৰূপ ধাৰণ কৰা ৰাজ্যখনৰ উত্তপ্ত পৰিস্থিতি শান্ত কৰিবলৈ স্থানীয় আৰক্ষীৰ লগতে  সেনাবাহিনীয়ে প্ৰচেষ্টা অব্যাহত ৰাখিছে। তাৰ মাজতে এইদৰে বিস্ফোৰক সামগ্ৰী উদ্ধাৰে অঞ্চলটোক যে পুনৰ অশান্ত কৰিবলৈ একাংশ উঠিপৰি লাগিছে সেই কথাকেই প্ৰমাণ কৰিছে।  

ইফালে মণিপুৰত অব্যাহত থকা উত্তেজনা আৰু পথঅৱৰোধৰ বাবে ইম্ফললৈ বহিঃ বিশ্বৰ পৰিবহন ব্যৱস্থা প্ৰায় স্তব্ধ হৈ আছে। ফলস্বৰূপে ইয়াত অত্যাৱশ্যকীয় বিভিন্ন সামগ্ৰীৰ যোগান হ্ৰাস পোৱাত সেইবোৰৰ নাটনিৰ সৃষ্টি হৈছে।

এনে পৰিস্থিতিত চাউল, চেনী, মাহজাতীয় শস্য কঢ়িয়াই অনা ট্ৰাক, ইন্ধন কঢ়িয়াই অনা টেংকাৰ আৰু জে চি বিকে ধৰি প্ৰায় ২৮ খন বাহনৰ এটা ডাঙৰ কনভয় ননিৰ পৰা ইম্ফললৈ চি আৰ পিএফ আৰু মণিপুৰ আৰক্ষীৰ এছক'ৰ্টৰ জৰিয়তে প্ৰেৰণ কৰা হৈছে বুলি ভাৰতীয় সেনাই প্ৰকাশ কৰিছে।  

ক্ৰমাৎ শান্ত হ'বলৈ ধৰা মণিপুৰক পুনৰ অশান্ত কৰাৰ ব্লুপ্ৰিণ্ট ! সেনাই জব্দ কৰিলে বিস্ফোৰক সামগ্ৰী...
অসমৰ প্ৰাথমিক বিদ্যালয়ত বহিঃ ৰাজ্যৰ শিক্ষক ! সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্যমন্ত্ৰীলৈ দাবী পত্ৰ প্ৰেৰণ...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in