অসমৰ প্ৰাথমিক বিদ্যালয়ত বহিঃ ৰাজ্যৰ শিক্ষক ! সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্যমন্ত্ৰীলৈ দাবী পত্ৰ প্ৰেৰণ...

অসমৰ প্ৰাথমিক বিদ্যালয়ত বহিঃ ৰাজ্যৰ শিক্ষক ! সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্যমন্ত্ৰীলৈ দাবী পত্ৰ প্ৰেৰণ...

author-image
Asomiya Pratidin
New Update
অসমৰ প্ৰাথমিক বিদ্যালয়ত বহিঃ ৰাজ্যৰ শিক্ষক ! সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্যমন্ত্ৰীলৈ দাবী পত্ৰ প্ৰেৰণ...

অসমৰ প্ৰাথমিক বিদ্যালয়ত বহিঃ ৰাজ্যৰ শিক্ষক ! সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্যমন্ত্ৰীলৈ দাবী পত্ৰ প্ৰেৰণ (প্ৰতিনিধিত্বমূলক ফটো) প্ৰতিনিধিত্বমূলক ফটো

ডিজিটেল সংবাদ গুৱাহাটীঃ অসমৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ নিযুক্তিৰ বাবে বহিঃৰাজ্যৰ প্ৰাৰ্থীৰ নথি পত্ৰ পুনৰীক্ষণ কৰা কাৰ্যত সদৌ অসম ছাত্ৰ সন্থাই আশ্চর্য প্রকাশ কৰিছে। সংগঠনটোৱে অসমত প্রাথমিক বিদ্যালয়ৰ শিক্ষকৰ পদত বহিঃৰাজ্যৰ প্রার্থী নিযুক্তি বন্ধ কৰিবলৈ দাবী জনাইছে।

Advertisment

এই সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাই আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ এখন জৰুৰী দাবী পত্ৰ প্ৰেৰণ কৰিছে। এই দাবী পত্ৰৰ জৰিয়তে অসমৰ প্ৰাথমিক বিদ্যালয়ত বহিঃৰাজ্যৰ প্ৰাৰ্থীসকলে যাতে কানো কাৰণতে নিযুক্তি লাভ নকৰে তাৰ বাবে ফলপ্রসূ ব্যৱস্থা ল'বলৈ দাবী জনাইছে।

ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই এই সম্পৰ্কত মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা দাবীপত্ৰ সম্পৰ্কত এটা বিবৃতিত কয়- সদৌ অসম ছাত্ৰ সন্থাই অসমৰ শিক্ষানুষ্ঠানত একমাত্র মেধা সম্পন্ন অসমৰ থলুৱা যোগ্য প্রার্থীক নিযুক্তি দিবলৈ দাবী জনাই আহিছে। অসমৰ টেট পৰীক্ষাৰ জৰিয়তে শিক্ষকৰ পদত অসমৰ থলুৱা মেধা সম্পন্ন প্রার্থীসকলৰ নিযুক্তিৰ পথ প্ৰশস্ত হৈছে।

শেহতীয়াকৈ অসম চৰকাৰে নিম্ন প্ৰাথমিক আৰু উচ্চ প্রাথমিকত ৫ হাজাৰৰো অধিক শিক্ষকৰ পদত নিযুক্তিৰ বাবে নথি পুনৰীক্ষণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। অসম চৰকাৰে অসমৰ টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ লগতে চি টেট উত্তীর্ণ প্রার্থীক আবেদনৰ সুযোগ প্ৰদান কৰিছে।

অসমৰ যিসকল প্রার্থীয়ে চি টেট উত্তীৰ্ণ হৈছে তেখেতসকলে নিজৰ মাতৃভূমিত প্রাথমিক বিদ্যালয়ত মাতৃভাষাত পাঠদান কৰাত কোনো অসুবিধা নাই। কিন্তু বহিঃৰাজ্যৰ পৰা অহা চি টেট উত্তীর্ণ প্রার্থীয়ে অসমৰ প্ৰাথমিক বিদ্যালয়ত পাঠদান কৰোতে সমস্যাৰ সৃষ্টি হ'ব।

একে সময়তে অসমৰ টেট উত্তীৰ্ণ থলুৱা প্ৰাৰ্থীসকলক বঞ্চিত কৰা হ'ব। অসমৰ টেট উত্তীৰ্ণ থলুৱা প্ৰাৰ্থী সকলৰ প্ৰতি চূড়ান্ত অন্যায় কৰা হ'ব। বর্তমান চলি থকা নথি পুনৰীক্ষণৰ সময়ত পশ্চিম বংগ, বিহাৰ, উত্তৰ প্ৰদেশৰ পৰা চি টেট উত্তীর্ণ প্রার্থীয়ে অংশ লৈছে।

বহিঃৰাজ্যৰ পৰা অহা এই প্রার্থীসকলে যাতে কোনো কাৰণতে নিযুক্তি নাপায় তাৰ বাবে অসম চৰকাৰে ফলপ্রসূ ব্যৱস্থা ল'বই লাগিব। এই বিষয়ত মুখ্যমন্ত্ৰীক কাৰ্যকৰী পদক্ষেপ ল'বলৈ ছাত্ৰ সন্থাই দাবী জনাইছে।

বিবৃতিটোত কোৱা হয়- অসমৰ প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলে অসমীয়া মাধ্যম, বড়ো মাধ্যম, বিভিন্ন জনজাতীয় তথা জনগোষ্ঠীয় মাধ্যম তথা ভাষাৰ লগতে মাতৃভাষাত অধ্যয়ন কৰে। সেয়ে অসমৰ প্রাথমিক বিদ্যালয়ত অসমৰ একমাত্ৰ এই স্থানীয় ভাষাৰ ওপৰত দখল থকা যোগ্য শিক্ষককহে নিযুক্তি দিয়াৰ প্রয়োজন।

শিশুৰ পাঠদানৰ ক্ষেত্ৰত এনে শিক্ষক নাথাকিলে অসমৰ সমগ্ৰ শিক্ষা ব্যৱস্থাটো ধ্বংসৰ মুখলৈ গতি কৰিব ।

হিমন্ত বিশ্ব শৰ্মা সদৌ অসম ছাত্ৰ সন্থা টেট পৰীক্ষা