উগ্ৰপন্থীৰ গুলীত নিহত অৰুণাচলৰ বিধায়ক তিৰোংগ আবোৰ জয়লাভ…

উগ্ৰপন্থীৰ গুলীত নিহত অৰুণাচলৰ বিধায়ক তিৰোংগ আবোৰ জয়লাভ…

author-image
asomiyapratidin
New Update
উগ্ৰপন্থীৰ গুলীত নিহত অৰুণাচলৰ বিধায়ক তিৰোংগ আবোৰ জয়লাভ…

ডিজিটেল ডেস্কঃ যোৱা ২১ মে'ত অৰুণাচলৰ টিৰাপ জিলাত সন্দেহযুক্ত এনএছচিএন (আইএম)এ গুলিয়াই হত্যা কৰা বিধায়ক তিৰোংগ আবো ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনত জয়লাভ কৰিছে। এনপিপি দলৰ বিধায়কগৰাকীয়ে মৰণোত্তৰভাৱে খুমছা (পশ্চিম) সমষ্টিৰ পৰা ১০৫৫ টা ভোটৰ ব্যৱধানত জয়লাভ কৰে।

Advertisment

অৰুণাচলত মুঠ ৬০ খন আসনৰ বাবে অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত বিজেপিয়ে ৩৯ খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে লাভ কৰিছে ৪ খন আসন। আনহাতে এনপিপিয়ে লাভ কৰিছে ৫ খন আসন। পশ্চিম খুমছা সমষ্টিত তিৰোংগ অবোৰ এয়া দ্বিতীয় জয়।

উল্লেখ্য যে, ২১ মে'ৰ পুৱা ১১.৩০ বজাত ইটানগৰৰ পৰা খুমছা অভিমুখে গৈ থকা অৱস্থাত উগ্ৰপন্থীৰ গুলীত বিধায়কজনৰ লগতে মুঠ ১১ জন লোকৰ মৃত্যু ঘটে। নিহত সকলৰ ভিতৰত বিধাসকগৰাকীৰ পুত্ৰও আছে।