মিজোৰামত কুকি শ্বিন নেচনেল আৰ্মিৰ দুই কেডাৰক গ্ৰেপ্তাৰ...

মিজোৰামৰ লংতলাই জিলাৰ হমুন্নুৱাম গাঁৱত আছাম ৰাইফলছে এক গোপন খবৰ পমখেদি ম্যানমাৰ কুকি শ্বিন নেচনেল আৰ্মিৰ দুজন কেডাৰক গ্ৰেপ্তাৰ কৰে।

author-image
Asomiya Pratidin
New Update
মিজোৰামত  কুকি শ্বিন নেচনেল আৰ্মিৰ দুই কেডাৰক গ্ৰেপ্তাৰ...

ডিজিটেল সংবাদ,বেকাজানঃ মিজোৰামৰ লংতলাই জিলাৰ হমুন্নুৱাম গাঁৱত আছাম ৰাইফলছে এক গোপন খবৰ পমখেদি ম্যানমাৰ কুকি শ্বিন নেচনেল আৰ্মিৰ দুজন কেডাৰক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা কেডাৰকেইজনৰ ভিতৰত এজন উচ্চ পদস্থ বিষয়া । দুয়োজনেই বাংলাদেশী নাগৰিক ।

Advertisment

কেডাৰ দুজনে বুংটলাঙত কেচিএনএৰ এখন বৈঠকত অংশগ্ৰহণ কৰি বাংলাদেশৰ পৰা ম্যানমাৰলৈ অস্ত্ৰ সৰবৰাহ কৰাৰ পৰিকল্পনা ৰচনা কৰা হৈছিল সন্দেহ কৰা হৈছে। বৈঠকত অংশগ্ৰহণ কৰি উভতি অহাৰ পথত আছাম ৰাইফলছে অভিযান চলাই দুয়োজনকে গ্ৰেপ্তাৰ কৰে ।

উল্লেখযোগ্য যে চি এইচ টিত কুকি-চিন সম্প্ৰদায়ৰ উগ্ৰপন্থী সংগঠন কুকি-নেচনেল আৰ্মীয়ে (কে এন এ) কুকি-চিন সম্প্ৰদায়ৰ বাবে নিজৰ গৃহভূমি বিচাৰি সশস্ত্ৰ সংগ্ৰাম অব্যাহত ৰাখিছে। ইফালে বাংলাদেশৰ চট্টগ্ৰামত বিগত কিছু মাহৰ পৰা কুকি-ৰাষ্ট্ৰীয় সেনা আৰু বাংলাদেশী সেনাৰ মাজত সংঘাত তীব্ৰতৰ হৈ পৰিছে। এই সংঘাতৰ বাবে বাংলাদেশৰ পৰা কুকি জনগোষ্ঠীৰ অন্তৰ্গত বিদ্ৰোহী গোটৰ সদস্যই আশ্ৰয় বিচাৰি মিজোৰামত প্ৰৱেশ কৰি আহিছে।

Also Read: বিধায়ক হিচাপে মই একেবাৰে সুখী নহয়, আগৰ দিনবোৰ ভাল আছিলঃ অখিল গগৈ

mizoram