অপহৰণ কৰি ধন দাবী, তাৰপিছতেই আৰক্ষীৰ জালত ১১ জনকৈ…

অপহৰণ কৰি ধন দাবী, তাৰপিছতেই আৰক্ষীৰ জালত ১১ জনকৈ…

ডিজিটেল ডেস্ক: এক অপহৰণকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত ডিমাপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ১১ জনকৈ লোকক। আৰক্ষীয়ে জানিবলৈ দিয়া মতে ৫ ফেব্ৰুৱাৰী পুৱা প্ৰায় ৯.৩০ বজাত ডিমাপুৰৰ আনোৱাৰ হুচেইন ৰোডৰ বাসিন্দা মন বাহাদুৰ চেত্ৰীৰ ঘৰত ৪ জন অজ্ঞাত লোকে প্ৰৱেশ কৰি তেওঁক অপহৰণ কৰে লগতে মুক্তিৰ দাবীত পৰিয়ালৰ পৰা ১ লাখ টকা দাবী কৰে।

ঘটনা সন্দৰ্ভত জানিবলৈ পোৱাৰ পিছতেই ডিমাপুৰ আৰক্ষীয়ে আছাম ৰাইফলচৰ লগত এক যুটীয়া অভিযান চলাই। আৰক্ষীয়ে সন্দেহযুক্ত ঘৰ এটাত উপস্থিত হৈ এনএছচিএন আকাটো চোফি গোটৰ বেনিটো চোফি "এছএছ" ডি. কিলোনচাৰৰ বাসগৃহত তালাচী চলাই।

সেই ঘৰটোৰ পৰাই আৰক্ষীয়ে অপহৃত ব্যক্তি গৰাকীক উদ্ধাৰ কৰাৰ লগতে NSCN/GPRN আকোটা চোফীৰ ৯ জন আৰু আন ২জনক গ্ৰেপ্তাৰ কৰে। ইয়াৰোপৰি আৰক্ষীয়ে তেওঁলোকৰ ওচৰৰ পৰা বিভিন্নধৰণৰ অস্ত্ৰ-শস্ত্ৰ ,স্মাৰ্ট ফোন,সংগঠনৰ সামৰিক পোচাক, মুক্তিপন দাবীৰ পঞ্জী আদি উদ্ধাৰ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in