/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/09/keshab-mahanta-k.jpg)
ডিজিটেল সংবাদ,বিশ্বনাথঃ বৃহস্পতিবাৰে অসম অৰুণাচল সীমান্তৰ সীমা বিবাদক লৈ দুই ৰাজ্যৰ মন্ত্ৰীপৰ্যায়ৰ আলোচনা অনুষ্ঠিত হয়। অৰুণাচলৰ পাপুংপাৰে জিলাৰ তাৰাছো'ত অনুষ্ঠিত হোৱা এই আলোচনাত অসমৰ হৈ প্ৰতিনিধিত্ব কৰে অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্ত,প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত দত্ত, বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিশ্বনাথ জিলাৰ উপায়ুক্ত আৰু আৰক্ষী প্ৰশাসনৰ উচ্চ পৰ্যায়ৰ এটি দল।
অন্যহাতে অৰুণাচল চৰকাৰৰ হৈ এই সভাত অংশ গ্ৰহণ কৰে অৰুণাচল চৰকাৰৰ শিক্ষামন্ত্ৰী তাবা তেবেৰ,তাৰাছোৰ স্থানীয় বিধায়ক তানা হালী আৰু অৰুণাচল চৰকাৰৰ আৰক্ষী প্ৰশাসনৰ উচ্চ পৰ্যায়ৰ বিষয়া সকল । পাপুংপাৰে জিলাৰ তাৰাছো'ৰ হায়াৰ ছেকেণ্ডৰী স্কুলত এই সভা অনুষ্ঠিত হয়। দীৰ্ঘদিনীয়া দুই ৰাজ্যৰ সীমা সমস্যা সমাধানৰ বাবে দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত এই সভা অনুষ্ঠিত হয় বুলি জানিব দিয়ে মন্ত্ৰী কেশব মহন্তই।
এই সভাৰ অন্তত মন্ত্ৰী কেশব মহন্তই কয় যে, আজিৰ সভাখনত অসম – অৰুণাচল সীমান্তৰ দহখন বিবাদ মান গাঁৱৰ বিষয়ে আলোচনা কৰা হৈছে। এই আলোচনাত চাৰিখন গাঁৱৰ বিষয়ে আলোচনা কৰিবলৈ আৰু কিছু সময়ৰ প্ৰয়োজন হ'ব যদিও ছয়খন গাঁৱৰ সীমা বিবাদ এৰা ধৰাৰ মাজত মিমাংসাৰ সূত্ৰ উলিওয়া হয় বুলি জানিব দিয়ে মন্ত্ৰী কেশব মহন্তই।
অন্যহাতে অৰুণাচলৰ শিক্ষামন্ত্ৰী গৰাকীও এই সভাৰ জৰিয়তে দুই ৰাজ্যৰ ভূমি বিবাদৰ আলোচনাত সন্তুষ্টি প্ৰকাশ কৰি অসম আৰু অৰুণাচলৰ দুই মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে। আনফালে আজি দুই ৰাজ্যত মাজত অনুষ্ঠিত হোৱা এই সভা দুই ৰাজ্যৰ মাজত এৰা ধৰা নহয়, সমাধানৰ নামত সমৰ্পন কৰিছে অসম চৰকাৰে বুলি স্থানীয় লোক তথা চি পি এম এলৰ নেতাই অভিযোগ উত্থাপন কৰিছে।
আৰু পঢ়কঃ মঙলদৈত উপস্থিত অসম আৰক্ষীৰ আইন শৃংখলাৰ শীৰ্ষ বিষয়া জি পি সিং…