/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/arunachal-31.jpg)
ডিজিটেল সংবাদ ইটানগৰঃ অৰুণাচল প্ৰদেশৰ প্ৰথমজন মাউন্ট এভাৰেষ্ট আৰোহণ কৰা পৰ্বতাৰোহী কাটি মাৰা যোৱা আজি দুদিন ধৰি চীন সীমান্তৰ এটা বৰফাবৃত্ত পৰ্বত আৰোহণ কৰিবলৈ গৈ নিখোজ হৈ আছে। ২০০৯ চনতে বিভিন্ন প্ৰতিকুলতাৰ মাজত অৰুণাচল প্ৰদেশৰ আপাৰ সোৱণশিৰি জিলাৰ প্ৰতিভাশালী পৰ্বতাৰোহীজনে অৰুণাচল প্ৰদেশৰ চীন সীমান্তৰ ক্যাৰি চাটাম নামৰ শৃংগটো আৰোহণৰ চেষ্টা চলাইছিল।
উল্লেখ্য যে অৰুণাচল প্ৰদেশৰ ইষ্ট কামেং জিলাৰ চীন সীমান্তৰ বহুকেইটা বৰফাবৃত পৰ্বত শৃংগ আজিলৈকে কোনো পৰ্বতাৰোহীয়ে আৰোহণ কৰিব পৰা নাই। ভাৰ্জিন মাউন্টেইন বুলি স্বীকৃতি পোৱা মাউন্ট কাংটো তাক স্থানীয় অৰুণাচলী লোকে ক্ৰা দাদি বুলি কয়। তাৰ কাষতে ক্যাৰি চাটাম শৃংগটো আছে।
পৰ্বত আৰোহণ লগতে বিশ্ববাসীক অৰুণাচল প্ৰদেশৰ এই মনোৰম বৰফাবৃত পৰ্বতলানীৰ বিষয়ে অৱগত কৰাৰ বাবে পূৰ্বতেও তেওঁ এই পৰ্বতত বেছ কেম্প স্থাপনৰ বাবে অভিযান চলাইছিল। কিছু বছৰ পূৰ্বে নিজে স্থাপন কৰি অহা ক্যাৰি চাটাম পৰ্বতৰ প্ৰথমটো বেছ কেম্পৰ পৰা ওপৰলৈ গৈ আন এটা বেছ কেম্প স্থাপনৰ উদ্দেশ্য তেওঁ যোৱা ২১ আগষ্টত এজন প'ৰ্টাৰক লগত লৈ পৰ্বত আৰোহণৰ যাত্ৰা আৰম্ভ কৰিছিল।
কিন্তু প্ৰতিকুল বতৰৰ সন্মুখীন হৈ টাপি মাৰা আৰু তেওঁৰ সহযোগী নিকু দাও নিখোজ হৈ পৰে। তাৎপৰ্যপূৰ্ণ কথা এয়ে যে ইষ্ট কামেং জিলাৰ চীন সীমান্তৰ এই ক্যাৰি চাটাম পৰ্বতৰ প্ৰথমটো বেছ কেম্পলৈ যোৱাৰ কোনো পথ নাই বাবে চীন সীমান্তৰ অন্তিমখন গাঁৱৰ পৰা সাত দিন ধৰি খোজ কাঢ়ি যাব লাগে।
অৰুণাচল প্ৰদেশৰ ৰাজ্যিক মিউজিয়ামত এভাৰেষ্টাৰ টাপি মাৰাৰ এভাৰেষ্ট বিজয় কৰাৰ সকলো সজুঁলি আৰু প্ৰতিমূৰ্ত্তি স্থাপন কৰা হৈছে। অৰুণাচল প্ৰদেশ তথা উত্তৰ-পূৰ্বাঞ্চলত পৰ্বতাৰোহণৰ বাটকটীয়া টাপি মাৰা যোৱা দহদিন ধৰি নিখোজ হৈ থকাৰ খবৰটো বহু পলমকৈহে পোহৰলৈ আহিছে।
আনকি টাপি মাৰাৰ উদ্ধাৰ অভিযানৰ বাবে উদ্ধাৰকাৰী দল সাতদিন খোজ কাঢ়ি গৈহে তাত উপস্থিত হ'বগৈ পাৰিব। অৰুণাচল প্ৰদেশৰ ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা বিভাগত পৰ্বতাৰোহণৰ প্ৰশিক্ষকৰ চাকৰি কৰি থকা টাপি মাৰাক উদ্ধাৰৰ বাবে মুখ্যমন্ত্ৰী পেমা খান্দুৱে নিজেই উদ্ধাৰ অভিযানৰ তদাৰক কৰি আছে।
অৰুণাচল প্ৰদেশৰ চীন সীমান্তৰ প্ৰথমটো বেছ কেম্পত যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে টাপি মাৰাই কেনেদৰে প্ৰস্তুতি আৰম্ভ কৰিছিল সেই বিষয়েও তথ্য লাভ কৰা গৈছে। সমগ্ৰ জীৱন পৰ্বতাৰোহণৰ বাবে উৎসৰ্গা কৰা টাপি মাৰাই বিশ্বৰ পৰ্বতাৰোহীক অৰুণাচল প্ৰদেশলৈ আনিবৰ বাবে নিজা খৰচত কাম কৰি গৈছিল।