চানফিষ্ট কাপৰ ষষ্ঠ সংস্কৰণ উদযাপন আই টি চিৰ

author-image
Asomiya Pratidin
New Update
চানফিষ্ট কাপৰ ষষ্ঠ সংস্কৰণ উদযাপন আই টি চিৰ

ডিজিটেল ডেস্ক : দেশৰ অগ্ৰণী উদ্যোগিক প্ৰতিষ্ঠান আই টি চি অথবা ইণ্ডিয়ান টবাকো কম্পেনীয়ে বিগত ৬ টা বছৰ ধৰি আয়োজন কৰি আহিছে চানফিষ্ট কাপ ফুটবল টুৰ্নামেন্ট । দেশৰ আন প্ৰান্তৰ লগতে উত্তৰ-পূৰ্বাঞ্চলতো খেলুৱৈ আৰু দৰ্শক সকলে আগ্ৰহেৰে আকোৱালি লৈছিল চানফিষ্ট কাপক । এই সন্দৰ্ভত উদ্যোগিক প্ৰতিষ্ঠানটিৰ বিস্কুট, কেক আৰু ফুড শাখাৰ মুখ্য সঞ্চালন বিষয়া আলি হেৰিছে এক সংবাদ মেলৰ সন্মুখত মন্তব্য কৰে যে, বিগত বৰ্ষ সমূহৰ দৰেই ২০২২ বৰ্ষতো আই টি চিয়ে চানফিষ্ট বাউঞ্চৰ প্ৰচেষ্টাত আয়োজন কৰিছে চানফিষ্ট ফুটবল কাপৰ । ২০২২ বৰ্ষৰ ২৬ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হোৱা এই ফুটবল কাপ আড়ম্বৰপূৰ্ণ ভাৱে আৰু স্মৰণীয় কৰি ৰখাৰ প্ৰচেষ্টাৰে আয়োজিত প্ৰতিযোগিতা খনি অনুষ্ঠিত হ'ব নৱেম্বৰৰ ১০ তাৰিখলৈ ।

Advertisment

ইয়াৰ সৈতেই হেৰিছে মন্তব্য কৰে যে, ফুটবল প্ৰতিযোগিতাখনি পৰৱৰ্তী সময়ত উত্তৰ-পূবৰ ৰাজ্য সমূহত আয়োজন আৰু সম্প্ৰসাৰণ কৰিবলৈ চিন্তা-চৰ্চা চলাই যোৱা হৈছে । এই সন্দৰ্ভত বিষয়া গৰাকীয়ে মন্তব্য কৰে যে, তেখেতৰ মূল উদ্দেশ্য হৈছে ক্ৰীড়াৰ সীমা সম্প্ৰসাৰণ কৰা । তেনেস্থলত আগন্তুক সময়ত উত্তৰ-পূবৰ নৱ প্ৰজন্মৰ সম্পূৰ্ণ সহাৰি বিচাৰে মুখ্য সঞ্চালক বিষয়া গৰাকীয়ে । ইয়াৰ ওপৰিও খেলুৱৈ আৰু দৰ্শকৰ ব্যাপক সহাৰিয়ে ইতিমধ্যেই প্ৰতিযোগিতাখনিক উত্তৰ-পূৰ্বাঞ্চলৰ এক উল্লেখযোগ্য প্ৰতিযোগিতা ৰূপে চিনাক্ত কৰিছে চানফিষ্ট কাপক বুলি মন্তব্য প্ৰদ‍ান কৰে হেৰিছে ।

আই টি ছিয়ে বিগত বহু বছৰ ধৰি ক্ৰীড়া জগতত বিশেষকৈ চানফিষ্ট কাপত নৱ প্ৰজন্মক অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰি আহিছে ।

আনহাতে আলি হেৰছে বৰ্তমান অনুষ্ঠিত হৈ থকা প্ৰতিযোগিতা খনিৰ সন্দৰ্ভত ভাষ্য প্ৰদান কৰে যে, এই প্ৰতিযোগিতা খনে ৰাজ্যৰ ক্ৰীড়াৰ আন্ত:গাঠনি শক্তিশালী কৰাত সহায় কৰি আহিছে আৰু ভৱিষ্যতলৈও কৰি আহিব । ইয়াৰ ওপৰিও যুৱ খেলুৱৈ সকলৰ প্ৰতিভা বিকাশ আৰু আপদাল কৰাটো সহায় কৰিব প্ৰতিযোগিতা খনে ।

ইয়াৰ ওপৰিও, চানফিষ্ট কাপ ফুটবল টুৰ্নামেন্ট ২০২২ৰ অন্তিম খনি প্ৰতিযোগিতা পল্টন বজাৰস্থিত স্প'ৰ্টছ অথৰিটী অৱ ইণ্ডিয়াৰ ১১ নং ফুটবল খেলপথাৰত নৱেম্বৰৰ ১০ তাৰিখে অনুষ্ঠিত কৰা হ'ব বুলিও জানিবলৈ দিয়ে আলি হেৰিছে ।

উল্লেখ্য যে, আলি হেৰিছ প্ৰতিযোগিতা খনৰ সৈতে সক্ৰিয় ভাৱে জড়িত হোৱাৰ ওপৰিও ব্ৰিটেইনিয়াক সমগ্ৰ ভাৰত বৰ্ষত সম্প্ৰসাৰণ কৰাৰ সময়তো অগ্ৰণী ভূমিকা পালন কৰিছিল । আধুনিকতাৰ দৌৰৰ শীৰ্ষত থাকিব বিচৰা হেৰিছে চানফিষ্ট কাপক উত্ত-পূবত সম্প্ৰসাৰণ কৰাৰ ক্ষেত্ৰতো লৈছে নেতৃত্ব ।

assam itc north east