/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/4d592610-0af9-43e0-9645-5ebd8f3f5ba6/nagaland_dgp.jpg)
ডিজিটেল সংবাদ, ৱাখা : টি জন লংকুমাৰে নাগালেণ্ডৰ আৰক্ষী সঞ্চালক প্ৰধান পদৰ পৰা পদত্যাগ কৰাৰ পাছত নাগালেণ্ড আৰক্ষীৰ আইন শৃংখলা বিভাগৰ সঞ্চালক প্ৰধান তথা জ্যেষ্ঠ আই পি এছ বিষয়া ৰূপিন শৰ্মাই শনিবাৰে নাগালেণ্ডৰ নতুন আৰক্ষী সঞ্চালক প্ৰধান হিচাপে দায়িত্ব গ্ৰহণ কৰিছে ।
নাগালেণ্ড ৰাজ্য চৰকাৰে জাৰি কৰা জাননী কোৱা হৈছে যে আই পি এছ ৰূপিন শৰ্মাক তেওঁৰ স্বাভাৱিক কৰ্তব্যৰ উপৰিও নাগালেণ্ডৰ আৰক্ষী সঞ্চালক প্ৰধানৰ দায়িত্ব গ্ৰহণ কৰিবলৈ অনুমতি প্ৰদান কৰিছে । আজিৰে পৰা পৰৱৰ্তী আদেশলৈকে কাৰ্যকৰী হ’ব। গৃহ বিভাগৰ এক অধিসূচনাৰ জৰিয়তে মুখ্য সচিব জে আলমে এক জাননী যোগে ৰূপিন শৰ্মাক নাগালেণ্ডৰ আৰক্ষী সঞ্চালক প্ৰধানৰ দায়িত্ব ল’বলৈ অনুমতি দিছে।
উল্লেখযোগ্য যে নাগালেণ্ডত বিগত ২৬ বছৰ ধৰি বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰা দক্ষ আৰক্ষী বিষয়া হিচাপে খ্যাতি থকা ১৯৯২ আই পি এচ বেটছৰ নাগালেণ্ড কেডাৰ। ৰূপিন শৰ্মাক ২০১৭ চনত নাগালেণ্ডৰ ভাৰপ্ৰাপ্ত ডি জি পি হিচাপে নিযুক্তি দিয়া হৈছিল ।
আৰু পঢ়ক : সাতামপুৰুষীয়া পৰম্পৰাক সৰোগত কৰি বটদ্ৰৱাৰ কুজি সত্ৰত ভেলাঘৰ নিৰ্মাণ