/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/7f351b2b-b9e3-4ad4-b711-5d46b596baa1/11.jpg)
ডিজিটেল সংবাদ শিলচৰঃ চুবুৰীয়া ৰাজ্য মণিপুৰত অব্যাহত আছে অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ অভিযান। দেওবাৰে মণিপুৰৰ কাকচিং, চুৰাচান্দপুৰ, থৌবাল আৰু পশ্চিম ইম্ফল জিলাৰ বিভিন্ন অঞ্চলত নিৰাপত্তাৰক্ষীয়ে অভিযান চলাই জব্দ কৰে বুজন সংখ্যক মাৰণাস্ত্ৰ।
অভিযান কালত ২টা কাৰ্বাইন, ২টা নাইন এম এম পিস্তল, পইন্ট টু টু পিস্তল ১টা, ১টা চিংগল বেৰেল সহ ৫০ টা সতেজ গুলি, নাইম এম এম পিস্তলৰ বুজন সংখ্যক গুলি সহ কেবাটাও গ্ৰেনেড জব্দ কৰা হয়।
পশ্চিম ইম্ফল জিলাত চলোৱা আন এক অভিযানত মনিপুৰ আৰক্ষীয়ে এটা নিষিদ্ধ উগ্ৰপন্থী সংগঠনৰ এজন দুৰ্ধৰ্ষ কেডাৰক গ্ৰেপ্তাৰ কৰে। উগ্ৰপন্থী জনৰ পৰা ইউবিজিএল পিস্তলৰ ৬৮ টা, ৭.৬২ পিস্তলৰ ৭৫২টা আৰু ৫.৫৬ পিস্তলৰ ২৯৪ টা সতেজ গুলি জব্দ কৰা হয়।
Also Read: লোক সংস্কৃতিৰ সাধক, বিশিষ্ট শিক্ষাবিদ বীৰেন্দ্ৰ নাথ দত্তৰ বিয়োগ