মনিপুৰত প্ৰাক্তন বিধায়কৰ বাসগৃহৰ সন্মুখত আই ই ডি বিষ্ফোৰণ

মনিপুৰত প্ৰাক্তন বিধায়কৰ বাসগৃহৰ সন্মুখত আই ই ডি বিষ্ফোৰণ

ডিজিটেল ডেস্ক : বৃহস্পতি বাৰে মনিপুৰৰ পশ্চিম ইম্ফলৰ প্ৰাক্তন বিধায়ক লোকেন সিঙৰ বাসগৃহৰ সন্মুখত হয় এক প্ৰকাণ্ড আই ই ডি বিষ্ফোৰণ । এই বিষ্ফোৰণৰ ফলত সিঙৰ বাসগৃহৰ সন্মুখত থকা গেট আৰু পথৰ দাতিত থকা ষ্ট্ৰিট লাইট তথা পথটোৰ একাংশ ক্ষতিগ্ৰস্ত হয় ।

এই বিষ্ফোৰণৰ পাছতেই মনিপুৰ আৰক্ষী আৰু বোমা বিশেষজ্ঞৰ দল দুৰ্ঘটনাস্থলীত উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰে যদিও এই মুহুৰ্তলৈ গ্ৰেপ্তাৰ কৰা হোৱা নাই কোনো ব্যক্তিক ।

আনহাতে, স্থানীয় লোকৰ ভাষ্য অনুসৰি প্ৰাক্তন বিধায়ক গৰাকী নিজা বাসগৃহত প্ৰৱেশ কৰাৰ ঠিক পাছ মুহুৰ্ততেই সংঘটিত হৈছিল বিষ্ফোৰণটো ।

উল্লেখ্য যে, লোকেন সিঙে চলিত বৰ্ষতেই মনিপুৰৰ বিধানসভা নিৰ্বাচনত জনতা দল(সংযুক্ত)ৰ তৰফৰ পৰা প্ৰতিদ্বন্দিতা কৰিছিল যদিও পৰাজয় বৰণ কৰে ৰাজনৈতিক নেতা গৰাকীয়ে ।

বোমা বিষ্ফোৰণ সন্দৰ্ভত নেতা গৰাকীয়ে দিয়া ভাষ্য অনুসৰি, তেখেতৰ কোনো শত্ৰুতা নাই ৰাজনৈতিক আৰু ব্যক্তিগত জীৱনটো । তেনেস্থলত, এই দুৰ্ঘটনাৰ বাবে অতি শীঘ্ৰেই আৰক্ষীক তদন্ত কৰিবলৈ অনুৰোধ জনাই লোকেন সিঙে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in