থৌবাল জিলাত বৃহৎ পৰিমাণৰ অবৈধ অস্ত্ৰ জব্দ...

সুৰক্ষা বাহিনীয়ে চলোৱা অভিযানত জব্দ এই অস্ত্ৰভাণ্ডাৰ

author-image
Asomiya Pratidin
New Update
থৌবাল জিলাত বৃহৎ পৰিমাণৰ অবৈধ অস্ত্ৰ জব্দ...

থৌবাল জিলাত বৃহৎ পৰিমাণৰ অবৈধ অস্ত্ৰ জব্দ...

ডিজিটেল ডেস্কঃ চুবুৰীয়া মণিপুৰত অব্যাহত আছে অবৈধ অস্ত্ৰৰ বিৰুদ্ধে সুৰক্ষা বাহিনীৰ অভিযান। ৰাজ্যখনৰ পাহাৰীয়া জিলাৰ বিভিন্ন প্ৰান্তত আৰু দুৰ্গম অঞ্চলসমূহত সুৰক্ষা বাহিনীয়ে এনে অবৈধ অস্ত্ৰৰ বিৰুদ্ধে চলাই থকা অভিযানৰ মাজতে এক বুজন পৰিমাণৰ অস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হৈছে।

Advertisment

অতি শেহতীয়াকৈ থৌবাল জিলাৰ ছেট লেইৰং পিথেৰাৰ পৰা সুৰক্ষা বাহিনীয়ে জব্দ কৰিছে এটা মেগজিনৰ সৈতে এছ এম জি কাৰ্বাইন, এটা মগজিনৰ সৈতে ৯ এম এম পিষ্টল, এটা মেগজিনৰ সৈতে .৩২ পিষ্টল, এটা ১২ বোৰ বল্ট একচন শ্বটগান, ৪ টা এইছ ই-৩৬ হেণ্ড গ্ৰেণেড, তিনিটা মাৰ্ক-৩ এ২ গ্ৰেণেড, দুটা টিউব লাঞ্চিং, ৪ টা ডিটনেটৰ, ৪৭ টা সজীৱ গুলী-বাৰুদ আৰু এটা বাওফেং ৰেডিঅ' ছেট।

Also Read: মৰিগাওঁ আৰক্ষীৰ বৃহৎ সফলতাঃ ১ কোটি ৭০ লাখ টকাৰ নিষিদ্ধ দ্ৰব্যসহ দুজনক গ্ৰেপ্তাৰ...

মণিপুৰ অবৈধ অস্ত্ৰ