অশান্ত মণিপুৰত বুজন পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ জব্দ

অশান্ত মণিপুৰত বুজন পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ জব্দ

author-image
Asomiya Pratidin
New Update
অশান্ত মণিপুৰত বুজন পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ জব্দ

ডিজিটেল সংবাদ,শিলচৰ : অশান্ত জৰ্জৰ মণিপুৰত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ অভিযান অব্যাহত আছে । বিগত ৪৮ ঘন্টাত চুবুৰীয়া ৰাজ্যখনৰ পূব ইম্ফল, পশ্চিম ইম্ফল, কাকচিং আৰু বিষ্ণুপুৰ জিলাৰ বিভিন্ন স্থানত অভিযান চলাই নিৰাপত্তা বাহিনীয়ে বুজন পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ জব্দ কৰে।

অভিযান কালত মেগজিনসহ এটা পইন্ট থ্ৰি জিৰো থ্ৰি ৰাইফল, এটা কাৰ্বাইন, পোন্ধৰটা সজীৱ গুলী, তিনিটা হেণ্ড গ্ৰেনেড, এটা পিষ্টল, ৪৯টা খালী কাৰ্টিজ, মেগজিনযুক্ত এটা কাৰ্বাইন জব্দ কৰে। একদৰে এই অভিযানত ৯টা এইচ ই-৩৬ হেণ্ড গ্ৰেনেড, চাৰিটা এইচ ই-৩৬ গ্ৰেনেডৰ ডিটনেটৰ, এটা পেৰা ২" মৰ্টাৰ শ্বেল, .৭২ টা সজীৱ গুলি, ১০টা খালী কাৰ্টিজ, ৫১টা মটৰ শ্বেল, ১টা লাথড গান, ২টা পম্পি কান্ট্ৰী মেড গান, মেগজিনযুক্ত ১টা কাৰ্বাইনসহ বুজন পৰিমাণৰ অস্ত্ৰ, বিষ্ফোৰক আৰু দুখন চাৰিচকীয়া বাহন জব্দ‌ কৰে নিৰাপত্তা বাহিনীয়ে।

Also Read: চৰাইদেউ মৈদাম ক্ষেত্ৰক একাষৰীয়া কৰি চাৰিসীমা নিৰ্ধাৰণ কৰাটো যুক্তিসংগত নহয় : চৰাইদেউ প্ৰেছ ক্লাব

MNIPUR