/asomiyapratidin/media/media_files/2024/11/29/MzmrTWpwKXh2nZ48ez0l.jpg)
ডিজিটেল সংবাদ, শিলচৰঃ চুবুৰীয়া ৰাজ্য মিজোৰামক নিৰাপদ কৰিড'ৰ হিচাপে ব্যৱহাৰ কৰি ম্যানমাৰৰ পৰা কোটি কোটি টকাৰ ড্ৰাগছ সৰবৰাহ কৰি আহিছে একাংশ আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ ব্যৱসায়ীয়ে। এই ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই মিজোৰাম আৰক্ষী আৰু নাৰ্কোটিক বিভাগে বৃহস্পতিবাৰে বুজন পৰিমাণৰ নিচা জাতীয় মেথাফেটামাইন জব্দ কৰে।
মিজোৰামৰ ৰাজধানী আইজলৰ জেমাবাৱকত তালাচী চলাই এখন স্ক'ৰপিঅ' বাহনৰ গোপন চেম্বাৰৰ পৰা জব্দ কৰা হয় মেথামফেটামাইন ভৰ্তি ৩০ টা পেকেট। পেকেট কেইটাৰ পৰা মুঠ ২৯.২৮৯ কেজি মেথামফেটামাইন জব্দ কৰা হয়।
জব্দ কৰা মেথামফেটামাইন খিনিৰ মূল্য স্হানীয় বজাৰত আনুমানিক প্ৰায় ৩৮০.৭৫৭ লাখ টকা বুলি সদৰী কৰিছে আৰক্ষীয়ে। ইফালে, নিষিদ্ধ সামগ্ৰী সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে ম্যানমাৰৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে।
ধৃত লোক জন ম্যানমাৰৰ টাহান ই- গ্ৰুপ এলেকাৰ বাসিন্দা টলাংথান মাৱিয়া (৩০) বুলি চিনাক্ত কৰা হৈছে। এই সংক্ৰান্তত আইজলৰ বিশেষ নাৰ্কোটিক থানাত us 22(c)/25 ND& PS Act আৰু বিদেশী আইন 1985 r/w 14 ৰ অধীনত ৪৭/২৪ নম্বৰত এটা গোচৰ পঞ্জীয়ন কৰা হৈছে।