ডিজিটেল সংবাদ শিলচৰঃ অবৈধ মাৰণাস্ত্ৰ আৰু উগ্ৰপন্থীৰ বিৰুদ্ধে মণিপুৰত অভিযান তীব্ৰতৰ কৰিছে নিৰাপত্তা বাহিনীয়ে। বিষ্ণুপুৰ,থৌবাল আৰু পূৱ ইম্ফল জিলাত অভিযান চলাই বুজন পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ উদ্ধাৰ কৰাৰ লগতে এজন কে চি পি উগ্ৰপন্থীকো গ্ৰেপ্তাৰ কৰিছে নিৰাপত্তা বাহিনীয়ে।
বিষ্ণুপুৰ জিলাত চলোৱা অভিযানত মেগজিনসহ ১ টা এছ এল আৰ, ১ টা পইণ্ট ৩০৩ ৰাইফল, ১ টা ১২ ব’ৰ ছিংগল বেৰেল গান, মেগজিনসহ ২ টা নাইন এম এম পিষ্টল, ১টা এণ্টি ৰায়ত গান, ইনছাছ এল এম জিৰ ২টা মেগজিন, ৪টা হেণ্ড গ্ৰেণেডসহ বিভিন্ন মাৰণাস্ত্ৰৰ অসংখ্য গুলী জব্দ কৰা হয়।
সেইদৰে থৌবাল জিলাৰ পৰা ১ টা এণ্টি মেটেৰিয়েল ৰাইফল, ২টা ছিংগল ব'ল্ট একচন ৰাইফল, ৩টা ৯ এম এম পিষ্টল, ১টা হেণ্ড গ্ৰেণেড, ৪টা এম কে- থাৰ্টিন টিসহ বুজন পৰিমাণৰ গুলী জব্দ কৰা হয়।
আনহাতে, পূৱ ইম্ফল জিলাৰ মন্ত্ৰীপুখৰী বজাৰৰ পৰা এজন কে চি পি উগ্ৰপন্থী কেডাৰকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
ধৃত উগ্ৰপন্থী জন ইৰম বাস্কাৰ সিং বুলি সদৰী কৰিছে আৰক্ষীয়ে। উগ্ৰপন্থী জনৰ পৰা মেগজিনৰ সৈতে ১ টা নাইন এম এম পিষ্টল, ১টা মোবাইল ফোন, এখন বাইক, তিনিখন ধন দাবী পত্ৰ, এখন এ টি এম কাৰ্ড আৰু কিছু নগদ ধন জব্দ কৰা হৈছে। উগ্ৰপন্থী জন ধন দাবীৰ লগত জড়িত বুলি দাবী কৰিছে আৰক্ষীয়ে।