/asomiyapratidin/media/media_files/2024/12/02/0Rv0E7CAY8a65DOWwBWl.jpg)
ডিজিটেল সংবাদ বেকাজানঃ নগা ঐতিহ্য গাওঁ কিছামাৰ বাকৰিত দহদিনীয়াকৈ অনুষ্ঠিত হোৱা ২৫ সংখ্যক হৰ্নবিল মহোৎসৱৰ আজি দ্বিতীয় দিনা নগাসকলৰ পুৰাতন অতুলনীয় লোকসংগীত আৰু লোক কৃষ্টিৰে উজলি উঠিছে। মূৰচিকাৰৰ যুদ্ধ বিজয়ী ইতিহাসৰ সমৃদ্ধ নগাসকলৰ লোক সংগীত আৰু লোক সংস্কৃতিৰ উপভোগ কৰিবলৈ ভিৰ কৰিছে দেশী-বিদেশীৰ পৰ্যটকে।
/asomiyapratidin/media/media_files/2024/12/02/8ITHQxVgjRVD96aRdVOa.jpeg)
পুৱা দহ বজাৰ লগে লগেই কিছামৰ বাকৰিত প্ৰতিটো নগা জনগোষ্ঠীৰ পুৰাতন বৰ্ণিল লোক কৃষ্টিৰ দৃষ্টিনন্দ নৃত্য-গীত, লোক ক্ৰীড়া জনজাতীয় অপূৰ্ব খাদ্যসম্ভাৰে নগা ঐতিহ্য কিছামাৰ গাঁৱৰ বাকৰি এক প্ৰকাৰে মায়াময় হৈ পৰে। নগা লোকনৃত্য-সংগীতৰ অপূৰ্ব সমাহাৰৰ মূৰ্ছনাত কিছামাৰ ঐতিহ্য গাঁৱত মন্ত্ৰমুগ্ধ হৈ পৰিছে হাজাৰ হাজাৰ দেশী- বিদেশী পৰ্যটক।
হৰ্নবিল মহোৎসৱৰ সাংস্কৃতিক সংযোগৰ আজি দ্বিতীয় দিনা নগা লোকগীত, জাপানৰ ডামাটাও আৰু পাশ্চাত্যৰ ৰক সংগীতৰ উদ্দাম সুৰত মুখৰিত হৈ পৰে কিচামাৰ আকাশ-বতাহ । হৰ্নবিল মহোৎসৱৰ দ্বিতীয় দিনা কিছামাৰ বেম্বো হলত অংশীদাৰ ৰাষ্ট্ৰৰ সৈতে এখন ঘূৰণীয়া মেজমেল অনুষ্ঠিত হয়।
/asomiyapratidin/media/media_files/2024/12/02/DEJnLhBWnnzUB4k4W9fw.jpeg)
বৈঠকত নাগালেণ্ডৰ বিনিয়োগ আৰু উন্নয়ন কৰ্তৃপক্ষৰ অধ্যক্ষ আৰু মুখ্যমন্ত্ৰীৰ উপদেষ্টা আবু মেথাই কয় যে, এই বৈঠকৰ অংশীদাৰিত্ব, সম্পৰ্ক আৰু নেটৱৰ্কিং গঢ়ি তোলাৰ এক মঞ্চ। তেওঁ চিকিম চৰকাৰক হৰ্ণবিল উৎসৱৰ প্ৰতি অতিশয় সহায় আগবঢ়োৱাৰ লগতে বৃহৎ প্ৰতিনিধি দলৰ সৈতে অংশগ্ৰহণ কৰাৰ বাবে ধন্যবাদ জনায়।
বৈঠকত ভাৰতত পেৰুৰ ৰাষ্ট্ৰদূত জেভিয়াৰ মেনুৱেল পৌলিনিচ ভেলাৰ্ডে পেৰু গণৰাজ্য আৰু নাগাসকলৰ মাজত সংস্কৃতি আৰু পৰম্পৰাৰ সাদৃশ্যৰ বাবে মানুহৰ পৰা মানুহৰ মাজত সংযোগৰ গুৰুত্বৰ বিষয়ে কয়। তেওঁ পেৰু আৰু নগাসকলক খিলঞ্জীয়া লোকসকলৰ জ্ঞানক উদযাপন কৰি যাবলৈ আৰু উমৈহতীয়া স্বাৰ্থৰ ক্ষেত্ৰত অংশীদাৰিত্ব আৰু সহযোগিতাৰ বাবে আগ্ৰহী হ’বলৈও আহ্বান জনায়।
/asomiyapratidin/media/media_files/2024/12/02/dN4rii8pXBcqlZC1NVpe.jpeg)
ছিকিমৰ সচিব অন্নপূৰ্ণা আলীয়ে নাগালেণ্ডে বাঁহৰ সম্পদৰ ব্যৱহাৰত আগবাঢ়ি যোৱাৰ বাবে নাগালেণ্ড চৰকাৰক প্ৰশংসা কৰে। দেশৰ সীমান্তত তাৰকাময় ভূমিকা প্ৰদৰ্শন কৰা নগা সৈনিকসকলক সন্মান জনাই ভাৰতীয় সেনাৰ স্পিয়াৰ কৰ্পছে কিছামাৰ নগা হেৰিটেজ ভিলেজত নগা মৰুং আৰু টি-৫৫ যুদ্ধ টেংক উন্মোচন কৰি হৰ্ণবিল উৎসৱৰ ৰূপালী জয়ন্তীত উৎসাহেৰে অংশগ্ৰহণ কৰে।
আজি নগা মৰুঙত ১৯৯৯ চনত অপাৰেচন বিজয়ত সৰ্বোচ্চ ত্যাগ কৰা কেপ্তেইন এন কেংগুৰুছে, এমভিচি (পি)ক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে নগা যোদ্ধাসকলৰ সাহস আৰু উত্তৰাধিকাৰ উদযাপন কৰা হয়। শক্তি আৰু স্থায়িত্বৰ বাবে পৰিচিত টি-৫৫ যুদ্ধ টেংকে তেওঁলোকৰ অতুলনীয় শৌৰ্য্য আৰু দেশপ্ৰেমৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছে।
/asomiyapratidin/media/media_files/2024/12/02/OCVOzy7AyBQinGaviGTJ.jpeg)
হেৰিটেজ ভিলেজত এই আইকনিক টেংকৰ প্ৰদৰ্শনে নাগালেণ্ড আৰু ভাৰতীয় সেনাৰ মাজত থকা চিৰস্থায়ী বন্ধনক প্ৰতিনিধিত্ব কৰে। সামৰিক ইতিহাসক অঞ্চলটোৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ সৈতে একাত্ম কৰি তোলে।
ইফালে ভাৰত ৱেলছ চৰকাৰৰ মুৰব্বী মিচেল থিয়েকাৰে নগা আৰু ৱেলছৰ মানুহৰ মাজত বন্ধন সংৰক্ষণ আৰু শক্তিশালী কৰাৰ বাবে আহ্বান। কিছামাৰ নগা হেৰিটেজ গাঁৱৰ দ্বিতীয় বিশ্বযুদ্ধৰ সংগ্ৰহালয় কমপ্লেক্সত আজি দ্বিতীয় বিশ্বযুদ্ধৰ শান্তি ৰেলীৰ ঐতিহাসিক ক'হিমাৰ যুদ্ধৰ স্মৃতিত অনুষ্ঠিত হয়।
মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ই এই সমাৱেশত ইতিহাসক শান্তিৰ প্ৰসাৰৰ বাবে ব্যৱহাৰ কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰা হয়। এই সমাৱেশত মুখ্য অতিথি হিচাপে ভাষণ দি ভাৰতৰ ৱেলছ চৰকাৰৰ মুৰব্বী তথা অংশীদাৰ দেশৰ প্ৰতিনিধি মিচেল থিয়েকাৰে নগা আৰু ৱেলছ জনসাধাৰণৰ মাজত থকা ভাগ-বতৰা বন্ধনক প্ৰশংসা কৰি এই সংযোগ সংৰক্ষণ আৰু শক্তিশালী কৰাৰ বাবে আহ্বান জনায়।
/asomiyapratidin/media/media_files/2024/12/02/RaVhyUVOTxR0DmxsmLo6.jpeg)
সন্ধিয়া জাপানৰ সংগীত বেণ্ড ড্ৰামাটোৰ অপূৰ্ব সংগীত মূৰ্ছনাই হাজাৰ হাজাৰ দৰ্শকক মুগ্ধ কৰে। উল্লেখযোগ্য যে নগা ঐতিহ্য গাঁৱত নগাসকলৰ বিভিন্ন জনগোষ্ঠীৰ চহকী আৰু বৈচিত্ৰময় সংস্কৃতি, লোকসংগীত আৰু পৰম্পৰাগত নৃত্য বৰ্ণিল ৰূপত প্ৰদৰ্শন কৰা, আৰু পৰম্পৰাগত খাদ্যৰ বিপনী, শিল্পকলা , চহকী পৰম্পৰাগত শিল্পকৰ্ম, থলুৱা খেল, খাদ্য মেলাৰে এক বৰ্ণিল উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হৈছে ।
নগাসকলৰ ঐতিহ্য আৰু লোককৃষ্টিক সন্মুখৰ পৰা উপভোগ কৰিবলৈ ইতিমধ্যে নাগালেণ্ডলৈ হাজাৰ হাজাৰ পৰ্যটকৰ আগমন আৰম্ভ হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us