ডিজিটেল সংবাদ, বেকাজানঃ ১ডিচেম্বৰ পৰা অহা ১০ ডিচেম্বৰ লৈ নাগা ঐতিহ্য গাঁৱ কিচামাৰ বাকৰিত দহদিনীয়াকৈ অনুষ্ঠিত হ'ব নাগালেণ্ডৰ হৰ্ণবিল মহোৎসৱ ২৫ সংখ্যক সংস্কৰণ। নাগালেণ্ডৰ ১৭টাকৈ জনগোষ্ঠীৰ চহকী সাংস্কৃতিক ঐতিহ্যক বিশ্ব মঞ্চত প্ৰদৰ্শন কৰাৰ লক্ষ্যৰে বিয়লি পৰা আৰম্ভ হৰ্ণবিল মহোৎসৱ ২০২৪। কিছামাৰ নগা হেৰিটেজ ভিলেজত আয়োজিত এইবাৰৰ এই উৎসৱৰ বিষয় বস্তু হৈছে সাংস্কৃতিক সংযোগ।
এইবাৰৰ হৰ্ণবিল মহোৎসৱৰ লক্ষ্য হৈছে নগা জনগোষ্ঠীৰ অনন্য পৰম্পৰাক বিশ্ববাসীৰ সন্মুখত অতুলনীয় ৰূপত প্ৰদৰ্শনৰ কৰা। ইতিমধ্যে কিচামা ঐতিহ্য গাঁৱৰ পৰিসৰৰ বৃদ্ধি কৰি নতুন ৰূপ সজাই তোলা হৈছে। সকলো যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি কিচামাত ঐতিহ্য গাঁৱত দেশী-বিদেশী পৰ্যটকক আদৰিবলৈ সাজু হৈ উঠিছে নাগালেণ্ডৰ পৰ্যটন বিভাগ।
আজি হৰ্ণবিলৰ পেভলিয়েন উদ্বোধন কৰি পৰ্যটন আৰু উচ্চ শিক্ষা মন্ত্ৰী টেমজেন ইমনা আলঙে এই উৎসৱৰ বিশ্বব্যাপী তাৎপৰ্য্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি স্থানীয় অনুষ্ঠানৰ পৰা নগা সংস্কৃতি আৰু পৰম্পৰাক আন্তঃৰাষ্ট্ৰীয় মঞ্চলৈ লৈ যোৱাৰ কথা উল্লেখ কৰিছে। হৰ্ণবিল মহোৎসৱক নাগালেণ্ডৰ এয়া কেৱল উৎসৱ নহয়।
আমাৰ জনসাধাৰণৰ বাবে ই এক কেন্দ্ৰবিন্দু বুলি অভিহিত কৰিছে। এইবাৰৰ উৎসৱত ব্ৰিটেইন (ৱেলছ), আমেৰিকা, জাপান, পেৰুকে ধৰি দেশৰ গণ্যমান্য ব্যক্তি আৰু প্ৰতিনিধিৰ লগতে ছিকিম আৰু তেলেংগানাৰ দৰে ভাৰতীয় ৰাজ্যৰ অংশীদাৰ হিচাপে অংশগ্ৰহণ কৰিছে।হৰ্ণবিল মহোৎসৱৰ বাবে ১০০ কোটি টকা আবণ্টন কৰিছে।
আনহাতে পৰ্যটন বিভাগৰ বাজেট ৬.৫ কোটি টকা আবণ্টন দিছে। কাইলৈ ১ ডিচেম্বৰৰ বিয়লি ৪ বজাত এই উৎসৱৰ আনুষ্ঠানিক উদ্বোধনী অনুষ্ঠানত অংশীদাৰ দেশৰ ৰাষ্ট্ৰদূতসকলে সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব। বিশ্ববিখ্যাত সংগীতজ্ঞ ড০ এ আৰ ৰহমানে সংগীত পৰিবেশন কৰিব।
এই উৎসৱৰ মুখ্য আয়োজক নাগালেণ্ডৰ গৱৰ্ণৰ লা গনেছান, মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’, টেমজেন ইমনা এলং, আৰু জনজাতীয় অতিথি হ’ব কোহিমা গাঁৱৰ মুৰব্বী জি বি মেডো-অ’ কেৰেটছু। উল্লেখযোগ্য যে নাগালেণ্ড চৰকাৰে হৰ্ণবিল উৎসৱক ‘সেউজ উৎসৱ’ হিচাপে উদযাপন কৰিবলৈ পৰিকল্পনা কৰিছে । এইবাৰো বিভাগটোৱে ষ্টলসমূহক প্লাষ্টিক ব্যৱহাৰ নকৰিবলৈ নিৰ্দেশ দিয়াৰ উপৰিও পৰিৱেশ অনুকূল শ্বপিং বেগ প্ৰৱৰ্তন কৰাৰ মনস্থ কৰিছে।