/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/ARUNACHAL-16.jpg)
ডিজিটেল সংবাদ অৰুণাচলঃ অৰুণাচল প্ৰদেশত অহা ১৯ জুনলৈকে মুষলধাৰ বৰষুণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ভাৰত চৰকাৰৰ কেন্দ্ৰীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ গুৱিহাটী কেন্দ্ৰই প্ৰকাশ কৰা বতৰৰ আগতীয়া আগজাননী অনুসৰি অৰুণাচল প্ৰদেশৰ ১২ খন জিলাত অহা ১৯ জুন দেওবাৰৰ নিশা পৰ্যন্ত নেৰানেপেৰাকৈ বৰষুণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।
এই জিলা কেইখন বাদ দি আন সকলো কেইখন জিলাত বৰষুণ হৈ থাকিব যদিও একেৰাহে দি থকাৰ সম্ভাৱনা কম। ৱেষ্ট কামেং জিলা, ইষ্ট কামেং জিলা, ল'ৱাৰ সোৱণশিৰি জিলা, ক্ৰা দাদি জিলা, পাপুমপাৰে জিলা, চিয়াং জিলা, আপাৰ চিয়াং জিলা, ডিবাং ভেলি জিলা, ল'ৱাৰ ডীবাং ভেলি জিলা, লোহিত জিলা, চাংলাং জিলা, টিৰাপ আৰু লংডিং জিলাত প্ৰৱল বৰষুণ হ'ব। যাৰবাবে অৰুণাচল প্ৰেদেশৰ পাচোঁখন প্ৰধান নদী লোহিত, চিয়াং, সোৱণশিৰি, কামেং আৰু টিৰাপ নদীৰ জলস্তৰ অধিক বৃদ্ধি পাব।
উল্লেখ্য যে এই পাচোঁখন নদীৰ লগতে অৰুণাচল প্ৰদেশৰ পৰা আন ২০ খনতকৈও অধিক নদী অসমলৈ বৈ আহিছে আৰু এই সকলোবোৰ নদীৰে জলস্তৰ পানী বহনক্ষমতাতকৈ অধিক হৈ পৰা বুলি খবৰ পোৱা গৈছে। ইপিনে অৰুণাচল প্ৰদেশৰ বিভিন্ন ঠাইৰ পৰা ভূমিস্খলনৰ বাতৰি আহি আছে। মাৰ্ঘেৰিটা-চাংলাং সংযোগী ঘাইপথটোৰ এচোৱা খহি পৰাত চাংলাং সংযোগী পথটো জিলা প্ৰশাসনে বন্ধ কৰি দিছে।
ক্লিক কৰি পঢ়কঃ১৮ জুনলৈ বন্ধ শিক্ষানুষ্ঠান : পৰিস্থিতি উন্নত হ'লে ২০ জুনৰ পৰা আৰম্ভ হ'ব পাঠদান…