১৮ জুনলৈ বন্ধ শিক্ষানুষ্ঠান : পৰিস্থিতি উন্নত হ’লে ২০ জুনৰ পৰা আৰম্ভ হ’ব পাঠদান…

১৮ জুনলৈ বন্ধ শিক্ষানুষ্ঠান : পৰিস্থিতি উন্নত হ’লে ২০ জুনৰ পৰা আৰম্ভ হ’ব পাঠদান…

ডিজিটেল ডেস্কঃ ৰাজ্যত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে ৰেড এলাৰ্ট। কেইবাখনো জিলাৰ উপায়ুক্তই বুধবাৰেই চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠান সমূহ বন্ধ ঘোষণা কৰাৰ পিছত আজি ওদালগুৰি জিলাৰ শিক্ষানুষ্ঠানসমূহ বন্ধ ঘোষণা কৰা হৈছে।

ওদালগুৰি জিলা প্ৰশাসনে ১৭ আৰু ১৮ জুনত সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিছে। সাম্ভাব্য প্ৰৱল বৃষ্টিপাত আৰু বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে জিলা প্ৰশাসনে। প্ৰশাসনে জাৰি কৰা জাননীত কোৱা হৈছে যে পৰিস্থিতি উন্নত হ'লে ২০ জুনৰ পৰা জিলাখনৰ শিক্ষানুষ্ঠানসমূহ পুনৰ খুলিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in