ৰক্তপাত অবিহনেই ডিমাপুৰৰ খে-হোয়ী শিবিৰত জিপিআৰএন-এনএছচিএনৰ পুনৰ মিলন

দুভাগত ফৈদত বিভক্ত হৈ পৰা নাগালেণ্ডৰ বিদ্ৰোহী সংগঠন GPRN/NSCNৰ এন কিটোভি নেতৃত্বাধীন গোটটোৱে বুধবাৰে কাউন্সিলৰ মুখ্য কাৰ্যালয়ৰ খে-হোয়ী শিবিৰত পুনৰ মিলন হয়।

author-image
Tushar Pratim
New Update
ৰক্তপাত অবিহনেই ডিমাপুৰৰ খে-হোয়ী শিবিৰত জিপিআৰএন-এনএছচিএনৰ পুনৰ মিলন

ডিজিটেল সংবাদ বেকাজানঃ কিছু মাহৰ পূৰ্বে দুভাগত ফৈদত বিভক্ত হৈ পৰা নাগালেণ্ডৰ বিদ্ৰোহী সংগঠন জিপিআৰএন/এনএছচিএনৰ এন কিটোভি নেতৃত্বাধীন গোটটোৱে বুধবাৰে কাউন্সিলৰ মুখ্য কাৰ্যালয়ৰ খে-হোয়ী শিবিৰত পুনৰ মিলন হয়। বিদ্ৰোহী ফৈদ দুটাৰ এই পুনৰ মিলন অনুষ্ঠানত ভাষণ দিজিপিআৰএন/এনএছচিএনৰ অটো কিলোনচাৰ তথা মুৰব্বী এন কিটোভি জিমোমিয়ে পুনৰ মিলন কাৰ্যসূচীক নগা ৰাজনৈতিক আন্দোলনত অভূতপূৰ্ব ঘটনা বুলি অভিহিত কৰে। 

Advertisment

উল্লেখযোগ্য ক্ষমতা দখলৰ আভ্যন্তৰীণ সংঘাত আৰু বিত্তীয় অনিয়মৰ বাবে বিদ্ৰোহী গোটটো দুটা ভাগত বিভক্ত হৈ পৰিছিল। কিন্তু সামৰিক গোট নগা আৰ্মিৰ হস্তক্ষেপ আৰু প্ৰচেষ্টাত প্ৰায় ১১ মাহৰ বিচ্ছেদৰ পিছত ১৬ এপ্ৰিল, ২০২৫ বুধবাৰে পুনৰ মিলন হয়। অৱশ্যে দুয়ো ফৈদৰ পুনৰ মিলনৰ সন্দৰ্ভত এন কিটোভি জিমমিয়ে স্পষ্ট কৰি দি কয় যে, তেওঁলোকৰ ঐক্য কোনো হেঁচা বা আৰ্থিক প্ৰভাৱৰ বাবে নহয় বৰঞ্চ স্বেচ্ছামূলক আৰু অন্তৰৰ সিদ্ধান্তৰ বাবেহে হৈছে। 

ৰক্তপাত অবিহনেই ডিমাপুৰৰ খে-হোয়ী শিবিৰত জিপিআৰএন-এনএছচিএনৰ পুনৰ মিলন

তেওঁৰ মতে, নগা সেনাই হিংসাৰ জৰিয়তে কোনো ৰক্তপাত নিবিচাৰে। তেওঁ ভৱিষ্যত প্ৰজন্মৰ বাবে নগাসকলে নিৰ্ণায়ক সিদ্ধান্ত লোৱাটো অতি গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে। জিপিআৰএন/এনএছচিএন অটো কিলোনচাৰ এন কিটোভি জিমোমিয়ে বুধবাৰে আৰু কয় যে, ভাৰত-নগা ৰাজনৈতিক সমাধানৰ বাবে ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট (এফ এ) আৰু এগ্ৰিড পজিচন (এপি) দুয়োখন চুক্তিৰ এক উমৈহতীয়া খচৰাৰ বিৰোধিতা কৰা হোৱা নাই গোটটোৱে।  

কেহয়ী শিবিৰত অনুষ্ঠিত সংবাদ মেলত কিটোভিয়ে কয় যে, কোনো এটা গোট বা ৰাজনৈতিক দলে নগা লোকৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব নোৱাৰে। নাগালেণ্ডৰ মানুহে শান্তি, সম্প্ৰীতি,  প্ৰগতি,  সমৃদ্ধি বিচাৰে বুলি দাবী কৰি তেওঁ প্ৰশ্ন কৰে শান্তি অবিহনে নগা জাতি কেনেকৈ আগবাঢ়িব যাব? গোটটোৱে কেন্দ্ৰীয় চৰকাৰৰ সৈতে স্বাক্ষৰ কৰা এফ এৰ উমৈহতীয়া খচৰাৰ এন এছ চি এন (আই এম)ৰ বিৰোধিতা আৰু কেন্দ্ৰৰ সৈতে নগা ৰাষ্ট্ৰীয় ৰাজনৈতিক গোটসমূহে (এন এন পি জি) স্বাক্ষৰ কৰা এ পিৰ বিৰোধিতা সম্পৰ্কে সোধাত কয়, সত্যই প্ৰাধান্য পাব। 

তেওঁ মন্তব্য কৰে যে, শান্তি নিবিচৰা গোটসমূহে শান্তিৰ প্ৰয়োজন নোহোৱা ঠাইলৈ যাব পাৰে। তেওঁ জোৰ দি কয় যে, যেতিয়া নগা ৰাজনৈতিক সমস্যাৰ চূড়ান্ত সমাধানৰ স্বাক্ষৰৰ সময় আহিব তেতিয়া সকলো নগা ৰাজনৈতিক গোট একত্ৰিত হ’ব লাগিব। সমাধান এটা ফৈদ বা গোটৰ বাবে নহয়, বৰঞ্চ ই সমগ্ৰ নগা জনসাধাৰণৰ বাবেহে।  

সমাধানৰ ক্ষেত্ৰত বিলম্ব কৰিলে নগাই সুকীয়া পতাকা আৰু সংবিধান লাভ নকৰে বুলি সকীয়াই দি তেওঁ নাগালেণ্ড গাঁওবুঢ়া ফেডাৰেচন,  নাগৰিক সমাজৰ সংগঠন, জনজাতীয় নেতা,  প্ৰাক্তন সংসদ সদস্য, জ্যেষ্ঠ নাগৰিকক সামূহিকভাৱে আগুৱাই আহিবলৈ আহ্বান জনায়। ইফালে কেহোই শিবিৰৰ অভ্যুত্থানৰ অৰ্থনৈতিক সংঘাতৰ বাবে হোৱা বুলি অভিযোগক ‘মেজৰ জেনেৰেল’ কিয়েট’ই ভিত্তিহীন বুলি অভিহিত কৰে।  

কিটোভিৰ সেনা প্ৰধান ‘মেজৰ’ কিয়হেহে সুশাসনৰ স্বাৰ্থ আৰু সামৰিক সহমতৰ বাবে পুনৰ মিলন সম্ভৱ হৈছে। এই পুনৰ মিলন এটাও গুলী নিক্ষেপ নকৰাকৈয়ে শান্তিপূৰ্ণভাৱে হয়।

এন এছ চি এন ডিমাপুৰ