ৰাজভৱনলৈ মাতি নি মণিপুৰৰ ঘটনা সন্দৰ্ভত আলোচনা ৰাজ্যপালৰ

মণিপুৰৰ ৰাজ্যপাল অনুছুইয়া উইকেয়ে বৃহস্পতিবাৰে ৰাজভৱনত আৰক্ষী সঞ্চালক প্ৰধান ৰাজীৱ সিঙক সাক্ষাৎ কৰে

author-image
Asomiya Pratidin
New Update
ৰাজভৱনলৈ মাতি নি মণিপুৰৰ ঘটনা সন্দৰ্ভত আলোচনা ৰাজ্যপালৰ

ডিজিটেল সংবাদ, বেকাজানঃ মণিপুৰৰ ৰাজ্যপাল অনুছুইয়া উইকেয়েক বৃহস্পতিবাৰে ৰাজভৱনত আৰক্ষী সঞ্চালক প্ৰধান ৰাজীৱ সিঙে সাক্ষাৎ কৰে। ৰাজ্যপাল গৰাকীয়ে কাংপকপি জিলাৰ ভাইৰেল হোৱা ভিডিঅ’ ফুটেজৰ আৰু গোচৰৰ তদন্তৰ অগ্ৰগতিৰ বিষয়ে ডিজিপিক সোধা-পোছা কৰে।

Advertisment

ঘটনাটোক গৰিহণা দিয়াৰ দিয়াৰ লগতে ৰাজ্যপালগৰাকীয়ে এই জঘন্য অপৰাধৰ দোষীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিয়ে। লগতে আইন অনুসৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ বাবে তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰিবলৈ ডিজিপিক নিৰ্দেশ দিয়ে। ডিজিপিক ভুক্তভোগীক বিশেষ সুৰক্ষা দিয়াৰ বাবেও অনুৰোধ জনায়।

ইয়াৰ পিছতে ডিজিপিয়ে ৰাজ্যপালক ঘটনা সন্দৰ্ভত অৱগত কৰে আৰু দোষীক কাৰাগাৰলৈ অনাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে অৱগত কৰে। ইতিমধ্যে গ্ৰেপ্তাৰ হৈ এগৰাকী অভিযুক্ত।

Also Read: মণিপুৰ কাণ্ডক লৈ উত্তপ্ত সংসদ; সৰ্বোচ্চ ন্য়ায়ালয়, মহিলা আয়োগৰ তীব্ৰ প্ৰতিক্ৰিয়া

manipur