৩১০ কেজি গাঞ্জাসহ এজনক গ্ৰেপ্তাৰ...

চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত বুজন পৰিমাণৰ গাঞ্জা জব্দ কৰিছে আৰক্ষীয়ে।‌ ধলাই জিলা আৰক্ষীয়ে এখন ট্ৰাকত তালাচী চলাই জব্দ কৰে গাঞ্জাখিনি। তাৰোপৰি আটক কৰিছে এজনক।

author-image
Asomiya Pratidin
New Update
৩১০ কেজি গাঞ্জাসহ এজনক গ্ৰেপ্তাৰ...

ডিজিটেল সংবাদ শিলচৰ: চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত বুজন পৰিমাণৰ গাঞ্জা জব্দ কৰিছে আৰক্ষীয়ে।‌ ধলাই জিলা আৰক্ষীয়ে এখন ট্ৰাকত তালাচী চলাই জব্দ কৰে গাঞ্জাখিনি।

Advertisment

আৰক্ষীৰ এক উচ্চ স্তৰীয় সূত্ৰই জানিবলৈ দিয়া মতে,কমলপুৰ থানাৰ অন্তৰ্গত চৌমুহানিত নাকা চেকিং চলাই আৰক্ষীয়ে WB-11-C-6078  নম্বৰৰ এখন TATA 1109 লৰিৰ গোপন চেম্বাৰৰৰ পৰা ৩১ পেকেট গাঞ্জা জব্দ কৰে। সোমবাৰে পুৱতি নিশা চলোৱা এই অভিযানত জব্দ কৰা গাঞ্জাখিনিৰ‌ ওজন‌ ৩১০ কিলোগ্ৰাম। 

ইফালে গাঞ্জা সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে ট্ৰাকখনৰ‌ চালকক গ্ৰেপ্তাৰ কৰাৰ লগতে বাজেয়াপ্ত কৰে গাঞ্জা কঢ়িয়াই অনা ট্ৰাকখন। এই সংক্ৰান্তত এন ডি পি এছ আইনৰ অধীনত কমলপুৰ থানাত এটি গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

জানিব পৰা মতে গাঞ্জাখিনি ত্ৰিপুৰাৰ‌ পৰা বহি: ৰাজ্যলৈ সৰবৰাহৰ পৰিকল্পনা কৰিছিল চোৰাং ব্যৱসায়ীয়ে। জব্দ কৰা গাঞ্জাখিনিৰ‌ আনুমানিক মূল্য কেইবা লাখ টকা হ'ব বুলি মন্তব্য কৰিছে আৰক্ষীৰ সূত্ৰটোৱে।

ত্ৰিপুৰা গাঞ্জা সৰবৰাহকাৰী