/asomiyapratidin/media/media_files/2025/04/22/3939KnmpgU4iUpK7c8P8.jpg)
অবৈধ মাৰণাস্ত্ৰ আৰু উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযান
ডিজিটেল সংবাদ, শিলচৰ: অশান্ত জৰ্জৰ মনিপুৰত অবৈধ মাৰণাস্ত্ৰ আৰু উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযান অব্যাহত আছে নিৰাপত্তা ৰক্ষা বাহিনীৰ। পূব ইম্ফল আৰু টেঙনৌপাল জিলাৰ বিভিন্ন জিলাত অভিযান চলাই আৰক্ষীয়ে বুজন পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰসহ পাঁচটা উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰিছে।
অভিযান কালত ১টা মেগজিনসহ 7.62 SLR Rifle, ১টা বাৰ ব'ৰ চিংগল বেৰেল গান, টেলিস্কোপ সহ ১টা স্নিপাৰ ৰাইফল, ২টা নাইন এম এম পিষ্টল, ১টা পইন্ট টু টু পিষ্টল বিভিন্ন মাৰণাস্ত্ৰৰ কেইবা জাই সক্ৰিয় গুলিসহ বুজন পৰিমাণৰ আপত্তিজনক সামগ্ৰী জব্দ কৰিছে।
আনহাতে, ইম্ফল জিলাৰ পৰা চাৰিটা প্ৰিপাক সদস্যক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। খুনদ্ৰক পাম কাথো সিং, নঙথৌমবাম মাইনগৌ সিং, নঙথৌমবাম মহেন সিং আৰু কেইছাম ছানা লেইমা বুলি চিনাক্ত কৰা হৈছে। ইয়াৰে দুটা উগ্ৰপন্থী এখন কলেজৰ শিক্ষকক অপহৰণৰ সৈতে জড়িত থকাৰ অভিযোগ। উগ্ৰপন্থী কেইটাৰ পৰা এটা পিষ্টলসহ বহু আপত্তিজনক সামগ্ৰী জব্দ কৰা হয়।