নিৰ্বাচনৰ শেহতীয়া ১০টা ৰাষ্ট্ৰীয় খবৰ…

নিৰ্বাচনৰ শেহতীয়া ১০টা ৰাষ্ট্ৰীয় খবৰ…

author-image
asomiyapratidin
New Update
অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণঃ আবেলি ৩ বজালৈকে ক’ত কিমান ভোটদানৰ হাৰ…

১. উত্তৰাখণ্ডত ভোটদান কৰিলে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ সিং ৰাৱাটে। দেহৰাদুনৰ ডিফেন্স কলনীত থকা ভোটগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

২. কেন্দ্ৰীয় মন্ত্ৰী ড০ সঞ্জীৱ বালিয়ানৰ বিতৰ্কিত মন্তব্য। মুজাফাৰনগৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে কয়- 'বোৰ্খা পিন্ধি যোৱা মহিলাসকলে ভুৱা ভোটদান কৰাৰ সম্ভাৱনা আছে।'

৩. তেলেংগানা ৰাষ্ট্ৰ সমিতিৰ নেত্ৰী কে কবিতাই সাব্যস্ত কৰে ভোটাধিকাৰ। পোথানগাল ভোট কেন্দ্ৰত ভোটদান নেত্ৰীগৰাকীৰ।

৪. মুম্বাইত ৯২ বছৰীয়া এগৰাকী জ্যেষ্ঠ নাগৰিকে সাব্যস্ত কৰিলে ভোটদান। ডি এন সাংঘানী নামৰ বৃদ্ধগৰাকীয়ে পুত্ৰ আৰু কন্যাৰ সৈতে আহি সাব্যস্ত কৰে ভোটাধিকাৰ।

৫. অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে সাব্যস্ত কৰে ভোটাধিকাৰ। ভোটদান কৰি নাইডুৰ দাবী- এইবাৰ বিপুল ভোটত জয়ী হ'ব তেওঁৰ দল।

৬. জম্মু-কাশ্মীৰত অনুষ্ঠিত হৈ আছে প্রথম পৰ্যায়ৰ ভোটগ্ৰহণ। দেশৰ অন্য প্ৰান্তৰ তুলনাত ভোটগ্ৰহণ কেন্দ্ৰসমূহত নাই দীঘলীয়া শাৰী। অৱশ্যে বহু সংখ্যক ভোটাৰে সাব্যস্ত কৰিছে ভোটাধিকাৰ।

৭. পশ্চিমবংগত শান্তিপূৰ্ণভাৱে হৈ আছে ভোটগ্ৰহণ। কোচবিহাৰত ভোটাৰৰ মাজত ব্যাপক উৎসাহ। যথেষ্ট সংখ্যক বয়োজ্যেষ্ঠ নাগৰিকে পুৱাই সাব্যস্ত কৰে ভোটাধিকাৰ।

৮. উত্তৰাখণ্ডত ভোটাধিকাৰ সাব্যস্ত কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী হৰিশ ৰাৱাটে। সাধাৰণ ভোটাৰৰ সৈতে একে শাৰীত থিয় হৈ ভোটদান কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।

.

৯. মণিপুৰতো শান্তিপূৰ্ণভাৱে চলি আছে ভোটগ্ৰহণ। ৰাজ্যখনত দুটা লোকসভা সমষ্টিৰ ভিতৰত ১টাত অনুষ্ঠিত হৈছে আজি ভোটগ্ৰহণ।

১০. ত্ৰিপুৰাতো শান্তিপূৰ্ণভাৱে হৈ আছে নিৰ্বাচন। দুই-এটা ই ভি এম বিকল হোৱা খবৰ, ভোটগ্ৰহণ কেন্দ্ৰসমূহত পুৱাৰ পৰাই যথেষ্ট ভিৰ।