/asomiyapratidin/media/media_files/2025/02/04/ctKuopVGh3lJwCk33ff0.jpg)
ডিজিটেল ডেস্কঃ সুৰাপায়ী তথা সুৰা উৎপাদনকাৰী ব্যৱসায়ীৰ ভূ-স্বৰ্গ অৰুণাচল প্ৰদেশত অবৈধ সুৰাৰ বেহা আৰু জালিয়াতিৰ বিৰুদ্ধে আজি এনফৰ্চমেন্ট ডাৰেক্টৰেটৰ চমুকৈ ইডিৰ এটা বৃহৎ দলে কেইবাঠাইতো মাৰাথান তালাচি অভিযান চলায়। জানিব পৰা মতে নাহৰলগুন, লেখি ভিলেজ আৰু বান্দৰদেৱাত ই ডিৰ কেইবাটাও দলে একেসময়তে তালাচি চলায়।
নাহৰলগুনৰ লেজি কমপ্লেক্সত থকা নিৰজ শৰ্মাৰ সুৰাৰ বণ্ড, লেখি ভিলেজত থকা ডায়নেষ্টি ডিষ্ট্ৰিবিউটৰ ৰাজেন লোহিয়াৰ সুৰাৰ বণ্ড, লেখিত আৰু বান্দৰদেৱাত থকা সঞ্জয় দেৱানৰ সুৰাৰ বণ্ড আৰু লেখিত থকা প্ৰাক্তন মুখ্যমন্ত্ৰী নাবাম টুকিৰ বিয়েৰৰ ফেক্টৰীত ই ডিৰ দলে তালাচি চলায়।এই তালাচীৰ সময়ত অৱশ্যে সুৰা ব্যৱসায়ৰ লগত জড়িত এজনো ব্যৱসায়ী তাত উপস্থিত নাছিল।
পুৱা দহ বজাৰ পৰা চি আৰ পি এফৰ বৃহৎ দলে লগত লৈ ই ডিৰ দলে তালাচি চলোৱাৰ সময়ত সুৰা ফেক্টৰীৰ চৌহদ ঘেৰাও কৰি ৰাখিছিল। জানিব পৰা মতে এই তালাচীৰ সময়ত ই ডি য়ে আটাইকেইটা সুৰা ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা সুৰাৰ উৎপাদন, পৰিবহন, বিক্ৰি আৰু টকা-পইচাৰ হিচাপৰ নথি-পত্ৰ জব্দ কৰিছে।
উল্লেখ্য যে অৰুণাচল প্ৰদেশৰ বাবে সুৰা প্ৰস্তুত কৰা এই কাৰখানাকেইটাত প্ৰস্তুত কৰা সুৰা গোপনে পশ্চিম বংগ, বিহাৰ, ঝাৰখণ্ড আদি ৰাজ্যলৈ অবৈধ ভাবে সৰবৰাহ হৈ আছিল আৰু এই অবৈধ সৰবৰাহৰ লগত সুৰা প্ৰস্তুত কৰা ব্যৱসায়িক প্ৰতিষ্ঠান কেইটা প্ৰত্যক্ষ ভাৱে জড়িত আছিল। অৱশ্যে এই সন্দৰ্ভত ই ডিৰ ফালৰ পৰা কোনো তথ্য আনুষ্ঠানিক ভাৱে সদৰি কৰা নাই।
আনহাতে এই তালাচীৰ বিষয়ে অৱগত নহয় অৰুণাচল প্ৰদেশ চৰকাৰ তথা আৰক্ষী-প্ৰশাসন। ইফালে অৰুণাচলত চলা এই তালাচীৰ সমান্তৰালকৈ ডিব্ৰুগড়ত ৰাজেন লোহীয়াৰ বাসগৃহকে ধৰি একাধিক স্থানত ইডিয়ে চলাইছিল অভিযান।