মিজোৰামত বুজন পৰিমাণৰ হেৰ'ইনসহ নগদ ধন জব্দ : আটক ৫ ম্যানমাৰৰ নাগৰিক

মিজোৰামত বুজন পৰিমাণৰ হেৰ'ইনসহ নগদ ধন জব্দ : আটক ৫ ম্যানমাৰৰ নাগৰিক

author-image
Asomiya Pratidin
New Update
মিজোৰামত বুজন পৰিমাণৰ হেৰ'ইনসহ নগদ ধন জব্দ : আটক ৫ ম্যানমাৰৰ নাগৰিক

ডিজিটৈল সংবাদ, শিলচৰঃ চুবুৰীয়া ৰাজ্য মিজোৰামত বুজন পৰিমাণৰ হেৰ'ইন জব্দ কৰা হৈছে। গোপন তথ্যৰ ভিত্তিত অসম ৰাইফলছ আৰু মিজোৰাম আৰক্ষীয়ে যুটীয়া অভিযান চলাই চাম্পাই জিলাৰ পৰা জব্দ কৰে ২২০ টকা হেৰ'ইন ভৰ্তি চাবোনৰ বাকচ।

Advertisment

বাকচ কেইটাৰ পৰা মুঠ ২.৫৭৭ কেজি হেৰ'ইন জব্দ কৰা হৈছে। জব্দ কৰা হেৰ''ইনৰ মূল্য প্ৰায় ১৮ কোটি ৪ লাখ বুলি সদৰি কৰিছে অসম ৰাইফলছে।‌ হেৰ'ইন খিনি ম্যানমাৰৰ পৰা মিজোৰামলৈ সৰবৰাহৰ সময়ত জব্দ কৰা হয়।

নিষিদ্ধ হেৰ'ইন সৰবৰাহৰ অভিযোগত ম্যানমাৰৰ এজন নাগৰিক গ্ৰেপ্তাৰ কৰা হয়। ধৃত‌ লোক জনৰ নাম ভানলাল লিয়া।

পৃথক অভিযানত অসম ৰাইফলছ আৰু আৰক্ষীয়ে ম্যানমাৰৰ নাগৰিকৰ পৰা নগদ ১কোটি ২১ লাখ টকাও জব্দ কৰে। ড্ৰাগছ আৰু অবৈধ ধন সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে মুঠ ৫ জন ম্যানমাৰৰ নাগৰিক গ্ৰেপ্তাৰ কৰা বুলি দাবী কৰিছে।

Also Read: ছয়মাইলৰ পূৰ্বাচা এপাৰ্টমেণ্টত যুৱতীৰ উৱলি যাব ধৰা মৃতদেহ উদ্ধাৰ : পলাতক ভুৱা স্বামী

drugs seized