/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/8a545000-0a7f-4547-bb61-c3801d83c347/l_.jpg)
ডিজিটেল সংবাদ, শিলচৰ: চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাৰ ধৰ্মনগৰ ৰেল ষ্টেচনত বুজন পৰিমাণৰ ব্ৰাউন চুগাৰ আৰু দুটা পিস্তল জব্দ কৰিছে নিৰাপত্তা বাহিনীয়ে। মঙলবাৰে শিলচৰ -আগৰতলা পেচেঞ্জাৰ ৰে'ল গাড়ীত নিয়মীয়া তালাচী চলাই ধৰ্মনগৰ থানাৰ GRPয়ে এটা দবাৰ পৰা ছয়টা ব্ৰাউন চুগাৰৰ পেকেট জব্দ কৰে। জব্দ কৰা ব্ৰাউন চুগাৰ খিনিৰ ওজন ৭৭ গ্ৰাম। ব্ৰাউন চুগাৰ জব্দ কৰিলেও কোনো লোকক আটক কৰিব পৰা নাই GRP য়ে। জব্দ কৰা ব্ৰাউন চুগাৰ খিনিৰ মূল্য কেইবা লাখ টকা হ'ব।
ইয়াৰ, দুদিন পূৰ্বে শিলচৰ-আগৰতলা ৰেলত তালাচী চলাই এটা দবাৰ পৰা দুটা বিদেশত নিৰ্মিত পিস্তল, মেগাজিন সহ এজন লোকক গ্ৰেপ্তাৰ কৰিছিল জি আৰ পি য়ে। গ্ৰেপ্তাৰ হোৱা যুবক জনৰ নাম বিছিক চাকমা।পিস্তল দুটা ডিমাপুৰৰ পৰা ক্ৰয় কৰি বাংলাদেশৰ এজন লোকৰ ওচৰত বিক্ৰী কৰিবলৈ আনিছিল ধৃত যুবকজনে।