মিজোৰামত বুজন পৰিমাণৰ হেৰ'ইন জব্দ

মিজোৰামত বুজন পৰিমাণৰ হেৰ'ইন জব্দ

ডিজিটেল সংবাদ শিলচৰ: চুবুৰীয়া ৰাজ্য মিজোৰামত বুজন পৰিমাণৰ হেৰ'ইন জব্দ কৰা হৈছে। মিজোৰামৰ লুঙলে জিলাৰ নাহথিয়াল আৰক্ষী আৰু এণ্টি ড্ৰাগছ স্কোয়াডে যুটীয়া অভিযান চলাই নাহথিয়াল এলেকাৰ পৰা ৫৬ টা হেৰ’ইন ভৰ্তি চাবোনৰ বাকচ জব্দ কৰে।

বাকচ কেইটাৰ পৰা মুঠ ৬৫৫.৪৮ গ্ৰাম হেৰʼইন জব্দ কৰে আৰক্ষীয়ে। জব্দকৃত হেৰ''ইনৰ মূল্য কেবা কোটি টকা বুলি কোৱা হৈছে। নিষিদ্ধ হেৰ''ইন সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে লালৰেম পুইই (২৯) নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰে। ধৃত লোক জনৰ ঘৰ নাহথিয়ালৰ মডেল ভেঙত ।

উল্লেখ্য যে, আন‌এক অভিযানত বৃহস্পতিবাৰে মিজোৰামৰ নাৰ্কোটিকছ থানাৰ আৰক্ষীয়ে আইজলৰ পৰা ৮৫.৬৭০ গ্ৰাম হেৰ'ইন জব্দ কৰে।‌ লালহলিম পুই নামৰ এগৰাকী মহিলাৰ পৰা জব্দ কৰা হয় হেৰ'ইন খিনি। হেৰ''ইনৰ সৈতে আৰক্ষীয়ে কৰিমগঞ্জ জিলাৰ জাইলিয়ান গাৱৰ মহিলা গৰাকীক গ্ৰেপ্তাৰ কৰে।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in