মেঘালয়ত নৈশ বাছৰ পৰা হেৰ'ইনসহ গ্ৰেপ্তাৰ এজন সৰবৰাহকাৰী

মেঘালয়ত নৈশ বাছৰ পৰা হেৰ'ইনসহ গ্ৰেপ্তাৰ এজন সৰবৰাহকাৰী

author-image
Asomiya Pratidin
New Update
মেঘালয়ত নৈশ বাছৰ পৰা হেৰ'ইনসহ গ্ৰেপ্তাৰ এজন সৰবৰাহকাৰী

ডিজিটেল সংবাদ শিলচৰ: মেঘালয় আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই দেওবাৰে এখন চুপাৰ বাছৰ পৰা জব্দ কৰে বুজন পৰিমাণৰ হেৰ'ইন।

Advertisment

গোপন তথ্যৰ ভিত্তিত খেলৰিয়াট আৰক্ষীয়ে ৬ নম্বৰ শিলচৰ- বদৰপুৰ-গুৱাহাটী ৰাষ্ট্ৰীয় পথৰ খেলৰিয়াটত তালাচী চলাই গুৱাহাটী অভিমুখী AS01FC - 7788 নম্বৰ চুপাৰ বাছ খনৰ পৰা জব্দ কৰে ২০ টা হেৰ'ইন ভৰ্তি চাবোনৰ বাকচ। বাকচ কেইটাৰ ভিতৰত থকা ২০টা পেকেটৰ পৰা জব্দ কৰা হেৰ''ইনৰ ওজন ২৭৪.২৩ গ্ৰাম। জব্দ কৰা হেৰ''ইনৰ মূল্য ডেৰ কোটি টকা বুলি সদৰি কৰিছে আৰক্ষীয়ে।

ইফালে,হেৰ'ইন সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে ৰফিক উদ্দিন আহমেদ নামৰ সৰবৰাহকাৰী জনক গ্ৰেপ্তাৰ কৰে। ধৃত ৰফিক উদ্দিনৰ ঘৰ কাছাৰ জিলাৰ কাটিগৰাৰ তেলিটিকৰ গাঁৱত। এই সংক্ৰান্তত খেলৰিয়াট থানাত এটি গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

Also Read: অন্ধ্ৰপ্ৰদেশ ৰেল দুৰ্ঘটনাঃ নিহতৰ সংখ্যা ১৩, আহত ৫০ ৰো অধিক

meghalaya