/asomiyapratidin/media/media_files/2025/02/24/dtbPkhPdkyuFJHx2H7Qd.jpg)
ডিজিটেল সংবাদ ছিকিমঃ ছিকিমৰ আৰক্ষী সঞ্চালক প্ৰধান (ডিজিপি) তথা আই পি এছ বিষয়া ৰবিন হিবুৱে আজি মেধাৱী স্কিলছ ইউনিভাৰ্ছিটী (এম.এস.ইউ.) কেম্পাছ পৰিদৰ্শন কৰে। বিশ্ববিদ্যালয়খনৰ আধুনিক স্কিল উন্নয়ন সুবিধাসমূহৰ পৰিদৰ্শন কৰাৰ লগতে তেওঁ ছাত্ৰ-ছাত্ৰীৰ সৈতে প্ৰত্যক্ষ আলোচনাতো অংশগ্ৰহণ কৰে।
"হেলপিং হেন্স" নামৰ এন জি অ’ৰো প্ৰতিষ্ঠাপক হিবুৱে এম.এস.ইউ.ৰ সহ-প্ৰতিষ্ঠাপক আৰু প্ৰ' চেঞ্চেলৰ কুলদীপ শৰ্মাৰ লগতে শিক্ষাবিভাগৰ সদস্যসকলৰ পৰা অনুষ্ঠানত উষ্ণ অভ্যর্থনা লাভ কৰে।
বিশ্ববিদ্যালয়খন পৰিদৰ্শনৰ সময়ত হিবুৱে লেবৰেটৰী বিল্ডিংসমূহ পৰিদৰ্শন কৰে আৰু এমাৰ্জেন্সী কেয়াৰ, মাইক্রোবায়লজি, ক্লিনিকেল বায়োকেমিষ্ট্ৰী, অপ্টোমেট্ৰী, ৰেডিঅ'লজী, হিমাট'লজী আৰু ফিজিঅ'থেৰাপীৰ আদি লেবসমূহৰ বিষয়েও আলোচনা কৰে।
তেওঁৰ পৰিদৰ্শনত বিশ্ববিদ্যালয়ৰ একাডেমিক স্পেছ, ডিজিটেল শিক্ষাৰ সুবিধাসমূহ, পথ আৰু চলি থকা অন্যান্য নিৰ্মাণ প্ৰকল্পসমূহৰো বুজ লয়। ৰবিন হিবুৱে ছাত্ৰ-ছাত্ৰীৰ সৈতে আন্তৰিক আলোচনাৰ সময়ত তেওঁৰ অভিজ্ঞতাৰ আধাৰত নানান দিশ উত্থাপন কৰে। হিবুৱে উচ্চ শিক্ষা আৰু সমাজ সেৱাৰ ক্ষেত্ৰত তেওঁৰ অভিজ্ঞতাৰ পৰা ছাত্ৰ-ছাত্ৰীক বহু কেইটা মূল্যৱান পৰামৰ্শও দিয়ে।
বিশ্ববিদ্যালয়ৰ চেমিনাৰ হলত অনুষ্ঠিত হোৱা মত বিনিময় অনুষ্ঠানত হিবুৱে কয়, “মেধাৱী স্কিলছ ইউনিভাৰ্ছিটীয়ে প্ৰতিশ্ৰুতি আৰু উদ্যোগী শিক্ষাৰ সৈতে যি কাম কৰিছে, সেইবোৰে ভাৰতৰ ভৱিষ্যত নিৰ্মাণ কৰিবলৈ মহত্বপূর্ণ। এম.এস.ইউ.ৰ দৰে প্ৰতিষ্ঠানসমূহ ছাত্ৰ-ছাত্ৰীৰ বাস্তৱিক দক্ষতা আৰু জ্ঞানৰ সৈতে তেওঁলোকক প্ৰস্তুত কৰি তুলিছে।”
প্ৰ' চেঞ্চেল কুলদীপ শৰ্মাই তেওঁৰ ভাষণত কয়, ৰবিন হিবুৰ দৰ্শনে ছাত্ৰ-ছাত্ৰীৰ বাবে এক উৎসাহৰ উৎসৰূপে কাম কৰিছে। তেওঁলোকৰ দক্ষতা বৃদ্ধিৰে, দেশৰ প্ৰগতিতো অনুকূল অৱদান আগবঢ়াইছে।"
এই অনুষ্ঠানত এম.এস.ইউ.ৰ ছাত্ৰ-ছাত্ৰীয়ে আৰুণাচল প্ৰদেশ, ছিকিম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যৰ সাংস্কৃতিক ঐতিহ্য তথা পৰম্পৰাগত নৃত্য আৰু সংগীত প্ৰদৰ্শন কৰে।