সেনাবাহিনীত যোগ দিব বিচাৰিছিল প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ! মণিপুৰত সেনাৰ আগত প্ৰকাশ কৰিলে বহু কথা…

সেনাবাহিনীত যোগ দিব বিচাৰিছিল প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ! মণিপুৰত সেনাৰ আগত প্ৰকাশ কৰিলে বহু কথা…

author-image
asomiyapratidin
New Update
সেনাবাহিনীত যোগ দিব বিচাৰিছিল প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ! মণিপুৰত সেনাৰ আগত প্ৰকাশ কৰিলে বহু কথা…

ডিজিটেল সংবাদ ইম্ফলঃ দুদিনীয়া ভ্ৰমণ সূচীৰে উত্তৰ পূৰ্বাঞ্চললৈ অহা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শুকুৰবাৰে ইম্ফলৰ মন্ত্ৰিপুখাৰী আৰ্মী ষ্টেচনত আছাম ৰাইফলছ আৰু ৫৭ মাউণ্টেন ডিভিজনৰ জোৱানসকলৰ সৈতে মত বিনিময় কৰে । ৰাজনাথ সিঙে জোৱানসকলৰ দেশ সেৱাৰ প্ৰশংসা কৰি কয় যে, সেনাৰ ত্যাগৰ বাবে ভাৰতীয় সীমান্ত সুৰক্ষিত আৰু ভাৰতীয়সকল সুৰক্ষিত।

Advertisment

তেওঁ কয়-"যেতিয়াই মই আমাৰ সশস্ত্ৰ বাহিনীৰ জোৱান আৰু বিষয়াসকলক লগ পাওঁ, তেতিয়াই মই সুখী, গৌৰৱ, আৰু শান্তি অনুভৱ কৰো। সিঙে কয়- 'শিক্ষক, চিকিৎসক আদিয়েই হওক সকলোৱে জাতিৰ সেৱা কৰি আছে কিন্তু আমাৰ সৈন্যই যি কৰিছে , সেয়া কেৱল পেছাতকৈও অধিক, সেৱাতকৈও অধিক।'

সিঙে সেনাবাহিনীত যোগদান কৰাৰ ইচ্ছা প্ৰকাশ কৰি কয়, 'ময়ো এদিন সেনাবাহিনীত যোগদান কৰিব বিচাৰিছিলো, কিন্তু কিবা কাৰণত নোৱাৰিলো। সেনাবাহিনীৰ জোৱানসকলক লগ পাই সদায় মোৰ গৌৰৱবোধ অনুভৱ হয়।' ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে চলিত বৰ্ষৰ জুলাই মাহত মণিপুৰৰ টুপুলত ৰে'ল প্ৰকল্পত সংঘটিত ভয়ংকৰ ভূমিস্খলনৰ সময়ত প্ৰাণ হেৰুওৱা সামৰিক বাহিনীৰ জোৱানসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জনায়।

উল্লেখযোগ্য যে, দুদিনীয়া ভ্ৰমণ সূচীৰে মণিপুৰলৈ যোৱা ৰাজনাথ সিঙে ইম্ফলৰ খুমান লাম্পক ষ্টেডিয়ামত ১৩১ সংখ্যক ডুৰাণ্ড কাপৰ ফুটবল প্ৰতিযোগিতা উদ্বোধন কৰি এয়া "ঐতিহাসিক দিন" বুলি অভিহিত কৰে। উল্লেখযোগ্য যে ডুৰাণ্ড কাপ হৈছে এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল প্ৰতিযোগিতা।