/asomiyapratidin/media/media_files/2025/02/11/YCymJ83A0OimAEyxzY4O.jpg)
ডিজিটেল ডেস্কঃ 'দ্য অৰুণাচল ইউনিভাৰ্ছিটি অফ ষ্টাডিছ' (AUS)-এ সামাজিক সেৱা ক্ষেত্ৰত আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ বাবে জ্যেষ্ঠ বিজেপি নেতা সুনীল দেউধৰক ডক্টৰ অফ লিটাৰেচাৰ (ডি. লিট.) উপাধিৰে সন্মানিত কৰিছে। মঙ্গলবাৰে অৰুণাচলৰ উপ-মুখ্যমন্ত্ৰী চৌনা মেইনে বিশ্ববিদ্যালয়ৰ চেঞ্চলৰ কমল লোচন, প্ৰ-চেন্সেলৰ বিশ্ব লোচন, প্ৰেছিডেণ্ট-ৱৰ্ল্ড এডুকেচন মিছন আৰু ভূটানৰ পূৰ্বৰ সংসদ সদস্য দুথোব ইয়াংছেপৰ উপস্থিতিত দেউধৰক এই সন্মানীয় ডিগ্ৰী প্ৰদান কৰে।
সন্মান প্ৰদানৰ সময়ত প্ৰ-চান্সেলৰ বিশ্ব লোচনে কয়, "দেউধৰ এনে এক ব্যক্তিত্বৰ অধিকাৰী যিয়ে সমাজ সেৱাৰ বাবে নিঃস্বাৰ্থভাবে নিজৰ জীৱন উৎসৰ্গিত কৰিছে। তেওঁৰ এই নিষ্ঠাই প্ৰমাণ কৰে যে, নিঃস্বাৰ্থ সেৱাই প্ৰকৃত আন্তৰিক শান্তি কঢ়িয়াই আনে আৰু ই লক্ষাধিক লোকক এই পথত খোজ দিবলৈ অনুপ্ৰাণিত কৰে। ইয়াৰ জৰিয়তে বিশ্বলৈ এক স্থায়ী পৰিবৰ্তন আহে।"
উল্লেখ্য যে, দেউধৰ এগৰাকী বহুমুখী ৰাজনৈতিক ব্যক্তিত্বৰ অধিকাৰী। তেওঁ তৃণমূল পৰ্যায়ত কৰা বিভিন্ন কাম-কাজ, চতুৰ ৰাজনৈতিক কৌশলৰ বাবে দেশজুৰি পৰিচিত। ২০০৪ চনত 'মাই হোম ইণ্ডিয়া' প্ৰতিষ্ঠা কৰি দেউধৰে উত্তৰ-পূৰ্বাঞ্চলৰ হাজাৰ হাজাৰ শিক্ষাৰ্থীক শিক্ষা গ্ৰহণৰ বাবে ভাৰতৰ অন্যান্য ঠাইলৈ যোৱাত সহায় কৰাৰ এক অনন্য অভিযানৰ সূচনা কৰিছিল।
তেওঁৰ এই অভিযানে পৰোক্ষভাৱে উত্তৰ-পূৰ্বাঞ্চলৰ বহু সম্প্ৰদায়ত প্ৰচলিত বিচ্ছিন্নতাবাদী ভাৱধাৰাকো নিয়ন্ত্ৰণ কৰাত সহায় কৰে। তেওঁৰ অন্য এক উদ্যোগ 'সপ্নো সে অপ্নো তক'-ৰ জৰিয়তে ৩৭০০ ৰো অধিক পৰিয়ালৰ পৰা বিচ্ছিন্ন হোৱা শিশুক তেওঁলোকৰ পৰিয়ালৰ লগত পুনৰ মিলন কৰোৱাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।
একেদৰে, তেওঁৰ 'দৰ্দ সে হমদৰ্দ তক' উদ্যোগে ৪০০ ৰো অধিক কাৰাবন্দীক আইনী সহায় প্ৰদান কৰাত সহায় কৰিছে আৰু তেওঁৰ 'জন আৰোগ্য ৰক্ষা' উদ্যোগৰ জৰিয়তে যোৱা কেইবা বছৰো ধৰি এক লাখৰো অধিক ৰোগীক চিকিৎসা সেৱা আগবঢ়াই আহিছে।