/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/903c85ad-5110-46f7-8c7c-31a929923c7e/cm_2.jpg)
ভোটগণনাৰ মাজতে প্ৰয়াত পিতৃৰ আশীৰ্বাদ ল'লে মুখ্যমন্ত্ৰী পুত্ৰই...
ডিজিটেল ডেস্কঃ পিতৃৰ পদাংক অনুসৰণ কৰিয়েই তেওঁ ভৰি দিছিল ৰাজনীতিত। পূৰ্বৰ মেঘালয়ৰ মুখ্যমন্ত্ৰী আছিল পি এ চাংমা। কেৱল মেঘালয়ৰে নহয়, দেশৰে এজন উল্লেখনীয় ৰাজনীতিবিদ আছে পি এ চাংমা।
সেই পি এ চাংমাৰে পুত্ৰ কনৰাড চাংমা এতিয়া মেঘালয়ৰ মুখ্যমন্ত্ৰী। পুনৰবাৰ তেওঁ মেঘালয়ৰ মুখ্যমন্ত্ৰী হোৱাৰ সুযোগ লাভ কৰিবনে নাই সেই কথা এতিয়াও নিশ্চিতকৈ ক'ব নোৱাৰি যদিও তেওঁৰ দলে চৰকাৰ গঠনত নেতৃত্ব লোৱাৰ আশা দেখা গৈছে।
ভোট গণনাৰ মাজতে আজি নিজ পিতৃৰ সমাধিস্থলত গৈ উপস্থিত হ'লগৈ কনৰাড চাংমা। মেঘালয়ৰ টোৰাত থকা পিতৃৰ সমাধিস্থলত উপস্থিত হৈ কনৰাড চাংমাই প্ৰয়াত পিতৃলৈ আগবাঢ়িলে শ্ৰদ্ধাঞ্জলি। কনৰাড চাংমাৰ লগত আছিল তেওঁৰ মাতৃ আৰু চৰ্ডিনি কে চাংমা, ভগ্নী আগাথা কে চাংমা, আৰু ভাতৃ জেমছ চাংমা।
#WATCH | Meghalaya's incumbent Chief Minister Conrad Sangma, along with his mother Soradini K Sangma, brother James Sangma and sister Agatha K Sangma, visits the grave of his father & former CM, PA Sangma in Tura on the day of counting of votes. pic.twitter.com/YroEdv8nhJ
— ANI (@ANI) March 2, 2023
Also Read: নাগালেণ্ড বিজেপিৰ ! মেঘালয়ত ওলমা চৰকাৰ...