এন ছ চিএন (কে)নিক্কি চুমী গোট আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত যুদ্ধবিৰতি চুক্তি এবছৰলৈ বৃদ্ধি

এন ছ চিএন  (কে)নিক্কি চুমী গোট আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত যুদ্ধবিৰতি চুক্তি এবছৰলৈ  বৃদ্ধি

ডিজিটেল সংবাদ, বেকাজানঃ নাগালেণ্ডত স্থায়ী শান্তি স্থাপনৰ বাবে ভাৰত চৰকাৰ আৰু এন এছ চি এন (কে) নিক্কি চুমী গোটে বুধবাৰে ২০২৩ চনৰ ৮ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ যুদ্ধবিৰতি চুক্তিখন এবছৰৰ বাবে অৰ্থাৎ ২০২৪ চনৰ ৭ ছেপ্টেম্বৰলৈকে বৃদ্ধি কৰে।

বুধবাৰে দিল্লীত এই যুদ্ধবিৰতি চুক্তিত যৌথভাৱে স্বাক্ষৰ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰ্যালয়ৰ অতিৰিক্ত সচিব পিয়ুষ গোৱাল আৰু এন এছ চি এন (কে) নিকি– যুদ্ধ বিৰতি চুক্তি নিৰীক্ষণ সমিতিৰ তত্বাৱধায়ক এবেল জিংৰু থুয়াৰ আৰু সম্পাদক উকেটো জেড চফীয়ে।

গৃহ মন্ত্ৰালয়ৰ মতে, যুদ্ধবিৰতিৰ ভিত্তিত দুয়োপক্ষৰ পাৰস্পৰিক সহমত আৰু স্বাক্ষৰিত যুদ্ধবিৰতিৰ ভিত্তি নিয়ম পালন কৰা হ’ব। লগতে যুদ্ধবিৰতিৰ ভিত্তি নিয়মসমূহ দুয়োপক্ষৰ জড়িততাৰে পাৰস্পৰিক পৰ্যালোচনা আৰু সংশোধনীৰ আওতাত থাকিব বুলিও জানিবলৈ দিয়ে।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in