নিৰ্বাচনী আচৰণবিধি ভংগঃ নাগালেণ্ডৰ উপ-মুখ্যমন্ত্ৰী ৱাই পাট্টনৰ বিৰুদ্ধে এজাহাৰ… 

নিৰ্বাচনী আচৰণবিধি ভংগঃ নাগালেণ্ডৰ উপ-মুখ্যমন্ত্ৰী ৱাই পাট্টনৰ বিৰুদ্ধে এজাহাৰ… 

author-image
asomiyapratidin
New Update
নিৰ্বাচনী আচৰণবিধি ভংগঃ নাগালেণ্ডৰ উপ-মুখ্যমন্ত্ৰী ৱাই পাট্টনৰ বিৰুদ্ধে এজাহাৰ… 

ডিজিটেল সংবাদ, ৱাখাঃ ক্ষমতাৰ ৰাগিত নিজৰ সাংবিধানিক পদমৰ্যদা পাহৰি পেলাই এইবাৰ আইনৰ মেৰপেঁচত সোমাইছে খোদ নাগালেণ্ডৰ বিজেপিৰ উপ-মুখ্যমন্ত্ৰী ৱাই পাট্টন। ১১ এপ্ৰিলৰ নাগালেণ্ডৰ একমাত্ৰ লোকসভা আসনখনৰ বাবে অনুষ্ঠিত হোৱা নিৰ্বাচনত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ গৈ ৱাই পাট্টনে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ তুলি নাগালেণ্ড প্ৰদেশ কংগ্ৰেছ কমিটিয়ে সম্প্ৰতি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।

যোৱা মঙলবাৰে নাগালেণ্ড প্ৰদেশ কংগ্ৰেছ কমিটিয়ে এক প্ৰেছ বাৰ্তা কয় যে, নাগালেণ্ডৰ উপ-মুখ্যমন্ৰী য়াংথাংগো পাট্টনে ১১ এপ্ৰিল নিজৰ গৃহ সমষ্টিৰ ৩৭ নং টুউৰ ভোটকেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ গৈ ডিঙিত বিজেপিৰ প্ৰতীক সম্বলিত গলবস্ত্ৰ আঁৰি প্ৰৱেশ কৰি ৮টাকৈ স্বাক্ষৰে আঠটা চদ্মবেশী অৰ্থাৎ প্ৰক্সি ভোটদান কৰে।

উপমুখ্যমন্ত্ৰী গৰাকী এনে ভুৱা ভোটদান কাৰ্য ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাত কংগ্ৰেছে মঙলবাৰে পাট্টনৰ বিৰুদ্ধে নিৰ্বাচনী আচাৰ সংহিতা উলংঘা কৰাৰ অভিযোগ তুলি আৰক্ষীত এজাহাৰ দাখিল কৰে। অৱশ্যে নাগালেণ্ডৰ গৃহমন্ত্ৰীৰ দায়িত্ব থকা ৱাই পাট্টনৰ বিৰুদ্ধে আৰক্ষীয়ে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া নিশ্চয় লক্ষণীয় হ'ব।