মেঘালয়ৰ বাংলাদেশ সীমান্তত বিএছএফে জব্দ কৰে ৭০টা চোৰাং ম'হ

মেঘালয়ৰ বাংলাদেশ সীমান্তত বিএছএফে জব্দ কৰে ৭০টা চোৰাং ম'হ

author-image
Asomiya Pratidin
New Update
মেঘালয়ৰ বাংলাদেশ সীমান্তত বিএছএফে জব্দ কৰে ৭০টা চোৰাং ম'হ

ডিজিটেল সংবাদ শিলচৰ: বাংলাদেশলৈ চোৰাং ভাবে সৰবৰাহ কৰিবলৈ মজুত ৰখাপশুধনৰ বিৰুদ্ধে অভিযান চলাই মেঘালয়ত বৃহৎ সংখ্যক গৰু ম'হ জব্দ কৰে বিএছএফ আৰু মেঘালয় আৰক্ষীয়ে।‌ দক্ষিণ গাৰো পাহাৰ, ইষ্ট খাছি আৰু ইষ্ট জয়ন্তীয়া পাহাৰ জিলাৰ বাংলাদেশ সীমান্তত পৃথক অভিযান চলাই বিএছএফ আৰু মেঘালয় আৰক্ষীয়ে জব্দ কৰে ৭০ টাকৈ ম'হ।

Advertisment

বিএছএফৰ এক সূত্ৰই সদৰী কৰা মতে, নিৰ্দিষ্ট তথ্যৰ ভিত্তিত বিএছএফৰ ১৮১নম্বৰ বেটেলিয়নৰ জোৱানে দক্ষিণ গাৰো পাহাৰৰ বাংলাদেশ সীমান্তৱৰ্তী গাঁও চিলবাৰীৰ সমীপত মেঘালয় আৰক্ষীৰ সৈতে যুটীয়া অভিযান চলাই ২২টা ম’হ জব্দ কৰিবলৈ সক্ষম হয়। পশুধন বোৰ বাংলাদেশলৈ চোৰাং ভাবে সৰবৰাহ কৰাৰ উদ্দেশ্যে জংঘল এলেকাত লুকুৱাই ৰখা হৈছিল।

ইফালে, গোপন তথ্যৰ ভিত্তিত চলোৱা আন এক অভিযানত বি এছ এফৰ ১৯৩ নম্বৰ আৰু ১৭২ বেটেলিয়নে ইষ্ট খাছী আৰু ইষ্ট জয়ন্তীয়া পাহাৰৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত এলেকাৰ পৰা ৪৮টা গৰু জব্দ কৰে। এই গৰু কেইটাও বাংলাদেশলৈ চোৰাংভাৱে সৰবৰাহৰ বাবে অনা হৈছিল। জব্দ কৰা পশুধনৰ মুল্য কেবা লাখ টকা হ'ব। পিছত জব্দ কৰা গৰুম'হ কেইটা স্থানীয় আৰক্ষী থানাত গতাই দিয়া হয় বুলি সদৰি কৰে সূত্ৰটোৱে।

Also Read: ৰাজ্যপাল গোলাপ চান্দ কাটাৰীয়াৰ মানকাচৰ-বাংলাদেশ সীমান্ত পৰিদৰ্শন

BSF