নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ বাবে এন ডি পি পি -বিজেপি মিত্ৰজোঁটে দিলে তিনি গৰাকী মহিলাক প্ৰাৰ্থীত্ব

নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ বাবে এন ডি পি পি -বিজেপি মিত্ৰজোঁটে দিলে তিনি গৰাকী মহিলাক প্ৰাৰ্থীত্ব

ডিজিটেল সংবাদ, ৱাখা : সমাগত চতুৰ্দশ নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ বাবে এইবাৰ তিনি গৰাকীকৈ মহিলাক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে । ইয়াৰ ভিতৰত আছে নাগালেণ্ড গড়কাপ্টানি বিভাগৰ মুখ্য অভিযন্তা কাহুলী ছেমা । তেওঁ চেমা জনগোষ্ঠীৰ ভিতৰত প্ৰথমগৰাকী মহিলা মুখ্য অভিযন্তা ।

কাহুলী চেমাক বিজেপিয়ে ৩২ নং আট’ইজু সমষ্টিৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে । উল্লেখযোগ্য যে চলিত বৰ্ষৰ জানুৱাৰী মাহত কাহুলী ছেমাই স্বেচ্ছাই এন পি ডব্লিউ ডিৰ মুখ্য অভিযন্তা হিচাপে অৱসৰ গ্ৰহণ কৰিছিল । ইফালে নেচনেলিষ্ট ডেম’ক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টিয়ে প্ৰথমবাৰৰ বাবে দুগৰাকী মহিলাক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে । ইয়াৰে ৩ নং ডিমাপুৰ সমষ্টিৰ বাবে হেকানী জাখালু আৰু ৮ পশ্চিম আংগামী সমষ্টিৰ বাবে ছালহৌটুওনুও ক্ৰুছে প্ৰাৰ্থীত্ব দিছে।

উল্লেখযোগ্য যে হেকানী জাখালু পেছাত এগৰাকী অধিবক্তা আৰু সামাজিক উদ্যোগী। তেওঁ বেচৰকাৰী সংস্থা ইউথনেট নাগালেণ্ডৰ প্ৰতিষ্ঠা কৰিছিল। আনহাতে ৮ নং পশ্চিম আংগামী বিধানসভা সমষ্টিৰ আংগামী মহিলা সংগঠনৰ প্ৰাক্তন সভানেত্ৰী ছালহাউটুনুও ক্ৰুছেক প্ৰক্ষেপ কৰিছে ।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে নাগালেণ্ডৰ ৰাজনৈতিক দলে পাঁচ গৰাকী মহিলাক প্ৰাৰ্থীত্ব প্ৰদান কৰিছিল যদিও বৰ্তমানলৈকে এগৰাকীয়েও বিধানসভাৰ মজিয়া গচকিবলে সক্ষম নহল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in