বিজেপিয়ে পুনৰ সংস্থাপিত কৰিব বিপ্লৱ কুমাৰ দেৱক...

ৰাজ্যসভাৰ নিৰ্বাচনত আগবঢ়াব প্ৰতিদ্বন্দিতা
BIPLAB KUMAR DEB
BIPLAB KUMAR DEBBIPLAB KUMAR DEB

ডিজিটেল ডেস্কঃ বিজেপিয়ে পুনৰ সংস্থাপন কৰিব বিপ্লৱ দেৱক ! ৰাজ্যৰ ৰাজনীতিৰ পৰা আঁতৰাই বিপ্লৱক বিজেপিয়ে লৈ যাব দিল্লীলৈ। ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱক ৰাজ্যসভাৰ সদস্য কৰাৰ সকলো প্ৰস্তুতি তৈয়াৰ কৰিছে দলটোৱে।

অহা ২২ ছেপ্তেম্বৰত ত্ৰিপুৰাৰ একমাত্ৰ আসনখনৰ বাবে অনুষ্ঠিত হ'ব ৰাজ্যসভাৰ নিৰ্বাচন। এই আসনখনৰ বাবে বিজেপিৰ শীৰ্ষ নেতৃত্বই প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ নাম ঘোষণা কৰিছে। বিপ্লৱ কুমাৰ দেৱেও ৰাজ্যসভাৰ একমাত্ৰ আসনখনত প্ৰতিদ্বন্দিতা কৰিবলৈ তেওঁৰ নাম ঘোষণা কৰাৰ বাবে বিজেপিৰ শীৰ্ষ নেতৃত্বক ধন্যবাদ জ্ঞাপন কৰিছে।

উল্লেখ্য যে, প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ পৰা বিজেপিয়ে মুখ্যমন্ত্ৰীত্ব কাঢ়ি লোৱাৰ পিছত ৰাজ্যখনৰ বিজেপি সভাপতি হিচাপে তেওঁক দায়িত্ব প্ৰদান কৰা হৈছিল। কিন্তু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডা ৰাজ্যখনলৈ অহাৰ মাত্ৰ এটা সপ্তাহ পূৰ্বে বিজেপি দলত সৃষ্টি হৈছিল খহনীয়া। যাৰ পিছতেই বিপ্লৱ কুমাৰ দেৱৰ পৰা ৰাজ্যিক সভাপতিৰ পদো কাঢ়ি লোৱা হৈছিল।

অৱশ্যে তেওঁক পুনৰ বিজেপিৰ শীৰ্ষ নেতৃত্বই ৰাজ্যসভাৰ সদস্য হিচাপে নিৰ্বাচিত কৰাৰ বাবে প্ৰস্তুতি চলোৱা বিষয়টোৱে বিপ্লৱ কুমাৰ দেৱক যে পুনৰ সংস্থাপিত কৰিবলৈ বিচৰা হৈছে সেই কথা স্পষ্ট কৰিছে। ইফালে আগন্তুক বছৰত ত্ৰিপুৰাত অনুষ্ঠিত হ'ব ৰাজ্যিক বিধান সভাৰ নিৰ্বাচন। সেয়েহে দলীয় নেতৃত্বই ত্ৰিপুৰাত দলটো যাতে এই সময়ছোৱাত কোনো কাৰণতে বিপদত নপৰে তাৰ বাবে লক্ষ্য ৰাখিছে।

বিপ্লৱ কুমাৰ দেৱক মুখ্যমন্ত্ৰী পদৰ পৰা অপাসৰণ কৰাৰ সময়ত ৰাজ্যখনৰ বিজেপিৰ ভিতৰচৰাত সৃষ্টি হৈছিল বিসম্বাদ। মুকলিকৈয়ে বিপ্লৱ দেৱৰ পক্ষত থকা বিধায়কে এই সিদ্ধান্তৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল। এনে পৰিস্থিতিত বিজেপিৰ শীৰ্ষ নেতৃত্বই যে আগন্তুক বিধানসভাৰ নিৰ্বাচনৰ প্ৰতি দৃষ্টি ৰাখি বিপ্লৱ দেৱক ৰাজ্যসভাৰ নিৰ্বাচনৰ প্ৰাৰ্থী ঘোষণা কৰিছে সেই কথা স্পষ্ট।

উল্লেখ্য যে, ত্ৰিপুৰা বিধানসভাত আছে মুঠ ৬০ খন আসন। এই ৬০ খন আসনৰ ভিতৰত বিজেপি আৰু আই পি এফ টিৰ মিত্ৰজোঁটৰ দখলত আছে ৪৪ খন আসন। চি পি আই এমৰ দখলত আছে ১৫ খন আসন আৰু কংগ্ৰেছৰ দখলত আছে মাত্ৰ ১ খন আসন।

ৰাজ্যখনত বিৰোধী পক্ষই চি পি আই এমৰ প্ৰাক্তন মন্ত্ৰী ভানুলাল সাহাক একমাত্ৰ আসনখনৰ বাবে মনোনীত কৰিছে। ইতিমধ্যে ভানুলাল সাহাই শুকুৰবাৰে মনোনয়ন পত্ৰ দাখিল কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in